Fearless Press

ৰাজ্যত অব্যাহত আছে অৰুণাচলী চোৰাং কাঠৰ ৰমৰমীয়া বেহা

ৰঙিয়া, ২০আগষ্টঃ বনবিভাগক মেনেজ কৰি অসাধু চক্ৰই দৈনিক সৰবৰাহ কৰিছে ট্ৰাকে ট্ৰাকে চোৰাং কাঠ। ৰাষ্ট্ৰীয় ঘাইপথেৰে বিনা বাধাই চিণ্ডিকেট চক্ৰই সৰবৰাহ কৰিছে অৰুণাচলী কাঠ। বন বিষয়াই প্ৰকৃত চালান বিহীন ভাৱে মেনেজ কৰি সৰবৰাহ কৰি আহিছে চোৰাং কাঠ। তেনে এক চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে বাইহাটা চাৰিআলিত। অৰুণাচলৰ পৰা নলবাৰীলৈ সৰবৰাহ কৰি আনিছিল ভুৱা চালানৰে অবৈধ কাঠ। AS 01 NC 8013 নম্বৰৰ ষোল্ল চকীয়া ট্ৰাক খন জব্দ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। জব্দকৃত ট্ৰাকখন বৰ্তমান উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ ৰঙিয়া কাৰ্যলয়ত বন বিভাগৰ জিম্মাত আছে।

Exit mobile version