ৰঙিয়া ২৫ আগষ্ট :- ৰাজ্য চৰকাৰে ই-ৰিক্সা সমূহৰ বেটাৰীত চাৰ্জ দিয়াক লৈ এপিডিচিএলত আবেদন কৰিব দিয়া সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৰঙিয়াৰ ই-ৰিক্সাৰ চালকসকলে । আজি ইয়াৰ পুৰ্ণ বিৰোধীতা কৰি ই-ৰিক্সাৰ চালক সকলে ৰঙিয়া পৌৰসভাৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে । ই-ৰিক্সাৰ চালক সকলে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ৰাজ্যৰ চৰকাৰে বিষয়টো পুনৰ বিবেচনা কৰক । যিহেতু ই-ৰিক্সাৰ চালক সকলে অন্য বাহনৰ তুলনাত অতি কম মুল্যত সেৱা আগবঢ়াই আহিছে তেনেস্থলত ই-ৰিক্সা চাৰ্জ দিয়াৰ ক্ষেত্ৰত চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিব নেলাগিছিল । ৰাজ্যত সাংঘাটিক ধৰণে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ বাবে অধিকাংশ শিক্ষিত যুৱকে উপায়বিহীন হৈ ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিব লগা হৈছে । এনে পৰিপেক্ষিতত ই-ৰিক্সা চলাই পৰিয়ালক পোহপাল দি থকা নিবনুৱা যুৱকসকলৰ ওপৰত ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত লোৱটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি কয় প্ৰতিবাদী ই-ৰিক্সাৰ গৰাকীসমূহে । উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ই-ৰিক্সা সমুহ ঘৰত চাৰ্জ কৰাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ বিপৰিতে ই-ৰিক্সা সমুহ চাৰ্জ কৰিবলৈ গৰাকীক এপিডিচিএলক আবেদন কৰাৰ বাবে নিৰ্দেশ দিছিল । ঘৰত ই-ৰিক্সাৰ বেটাৰী চাৰ্জ কৰিবলৈ চৰকাৰিভাবে বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগে এক প্ৰকাৰ ই-ৰিক্সাৰ গৰাকী সমূহ চিন্তিত হৈ পৰা দেখা গৈছে । ইফালে এনে সিদ্ধান্ত পুণৰ বিবেচনা কৰাৰ বাবে ৰাজ্য চৰকাৰক ই-ৰিক্সা চালক সকলে অনুৰোধ জনাইছে ।