উত্তৰ গুৱাহাটী, ২৫ আগষ্টঃ অসমৰ জহা আইজং- চাউলে বিশ্ব বজাৰ দখল কৰিব । বিশ্বৰ আগশাৰীৰ দেশত সন্মানীয় স্থান দখলৰ দিশে অসমৰ সুগন্ধি জহা চাউল । কেৱল জহা আইজং চাউলেই নহয় অসমৰ ১৮ বিধ কৃষিজাত সামগ্ৰী আৰবীয় দেশলৈ ৰপ্তানিৰ পৰিকল্পনা ASSAM AGRI INDUSTRY & RECHERS AND PVT LTD ৰ । প্ৰতিস্থানটিৰ উত্তৰ গুৱাহাটীস্থিত কাৰ্যালয় মুকলি কৰিলে APEDAৰ ব্যৱসায় সম্প্ৰসাৰণ বিষয়া ড০ অৰ্চনা নাথে । বুধবাৰে ১০০০ মেট্ৰিকটন জহা চাউল আৰু ১০০০ মেট্ৰিকটন আইজং চাউল লৈ ডুবাইলৈ উৰা মৰাৰ কথা জানিব পৰা গৈছে । বহি দেশৰ সৈতে বিস্তৃত ভাবে ব্যবসায় কৰি অসমৰ কৃষিজাত সামগ্ৰী বিশ্বমুখী কৰাৰ প্ৰয়াস APEDAৰ । চৌডিআৰব , কুৱেইট, ওমান, কটাৰ আৰু UAE আৰবীয় পাঁচদেশলৈ অসমৰ কৃষিজাত সামগ্ৰী ৰপ্তানি অভিলাষী প্ৰয়াস APEDAৰ । উত্তৰ গুৱাহাটীৰ কাৰ্যলয় মুকলি অনুষ্ঠানত APEDAৰ CMD মহম্মদ মেহদি আলম চৌধুৰী প্ৰমুখ্যে সমূহ বিষয় ববীয়াই মতামত প্ৰকাশ কৰে ।