Fearless Press

বৰপেটা চহৰত ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে এজন লোক নিহত 

বৰপেটা,৩০ আগষ্টঃ বৰপেটা চহৰৰ মাজমজিয়াত আবেলি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হয়। ক্লাৱ ৰাইনোৰ সন্মুখত হোৱা এই ভয়ংকৰ দূৰ্ঘটনাত নিহত হোৱা লোকজন বৰপেটা চহৰৰ বৃন্দাবনহাটীৰ মুনী দাস বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, মন্দিয়াৰ পৰা বৰপেটা অভিমুখে আহি থকা এএছ-১৫এচি-১১৫৯ নম্বৰৰ আল্ট্ৰা বাছখনে পথৰ কাষেৰে গৈ থকা ব্যক্তিজনৰ মুৰৰ ওপৰেৰে উঠি যোৱাত থিতাতে লোকজন নিহত হয়। নিহত মুনী দাস পেচাত এগৰাকী ফলৰ দোকানী আছিল। ঘটনাস্থলীত বৰপেটা আৰক্ষীৰ এটি দল উপস্থিত হৈ মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ লৈ যায়।

Exit mobile version