Fearless Press

প্ৰজন্ম উন্মেষ নামৰ স্বয়ম্ভূ সংগঠনৰ বিৰুদ্ধে সৰৱ জামুগুৰিহাটৰ ডেৰকুৰিৰো অধিক দল সংগঠন

৩০ আগষ্ট, ২০২২ঃ জামুগুৰিয়া ৰাইজৰ সহযোগত “প্ৰজন্ম উন্মেষ” নামৰ এটি স্বয়ম্ভূ সংগঠনে নট সূৰ্য বঁটা প্ৰাপক জামুগুৰিহাটৰ সঙ্গীয়াচুক নিৱাসী ভোলা কটকীক “জামুগুৰি ৰত্ন” বঁটা প্ৰদান কৰিব বুলি চলোৱা প্ৰচাৰত আজি জাঙুৰ খাই উঠিছে জামুগুৰিহাটৰ ডেৰকুৰিৰো অধিক দল সংগঠন ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত জামুগুৰি বাৰেচহৰীয়া ভাওনা সমিতিৰ উদ্যোগত সাহিত্য সভা,আটচা,জামুগুৰি জেষ্ঠ নাগৰিক সভা,শ্ৰীমন্ত শংকৰদেৱ সংঘ, বাৰেচহৰীয়া ৰাইজ সভা ,শংকৰ সমাজ,নাথ যোগী সন্মিলন, বাপুজী ভৱন নাট্য সমাজ, জামুগুৰি ক্ৰীয়া সন্থাকে ধৰি ডেৰকুৰিৰো অধিক অনুষ্ঠানে জামুগুৰিহাটৰ ৰাইজক বাৰে বাৰে অপমান,অপযশ দি অহা “প্ৰজন্ম উন্মেষ” নামৰ স্বয়ম্ভূ অনুষ্ঠানটিক নিষিদ্ধ কৰিবৰ বাৱে তথা আইনী ব্যৱস্থা গ্ৰহণৰ বাৱে জামুগুৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত কৰাৰ লগতে অহা ৩চেপ্তেম্বৰ বাঁপুজী ভৱনত জামুগুৰি ৰত্ন বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰিবলৈ দিয়া নহব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাংৱাদিক মেলত প্ৰজন্ম উন্মেষৰ স্বয়ম্ভূ অধ্যক্ষ অৰূপ শইকীয়াৰ বিৰুদ্ধে কঠোৰ আইনী ব্যবস্থা গ্ৰহনৰ পোষকতা কৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান দল সংগঠনৰ সদস্যই ৷

Exit mobile version