Fearless Press

চৰ্চাত জামুগুৰিহাটৰ উত্তৰ বালিজুৰী প্ৰাথমিক বিদ্যালয়

জামুগুৰিহাট,৬ ছেপ্তেম্বৰঃ শিক্ষক দিৱসৰ দিনটোত চৰ্চালৈ আহিছিল চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ এখন বিদ্যালয়। ১৯৫৮ চনতে স্থাপিত উত্তৰ বালিজুৰী প্ৰাথমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে আঠ গৰাকীকৈ শিক্ষাৰ্থীয়ে। শিক্ষক দিৱসৰ দিনটোতে ২০১৯ বৰ্ষত বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আঠ গৰাকীকৈ শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱলাল শৰ্মাই । পাঁচ হেজাৰ টকাৰ চেক চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীয়ে সুখ্যাতিৰে উত্তিৰ্ণ হোৱা আঠ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰে । ইয়াৰোপৰি ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত বুনিয়াদৰ তৰফৰ পৰা সভাপতি লক্ষীকান্ত বৰাই চাৰিগৰাকী কৃতি শিক্ষকক একোখন অসমীয়াৰ জাতীয় স্বাভীমান ফুলাম গামোছা, প্ৰশংসা পত্ৰ, শৰাই আৰু কিতাপৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতি, বুনিয়াদৰ সদস্যসকল, খণ্ড সমল কেন্দ্ৰ সমন্বয়কৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

Exit mobile version