Fearless Press

খংৰাৰ দুজন গাঞ্জা ব্যৱসাসী আটক তাৰাবাৰী আৰক্ষীৰ

বৰপেটা,১১ চেপ্টেম্বৰঃ সম্প্ৰতি বৰপেটাত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযান অব্যাহত আছে। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে অভিযান চলাই পৰহি নিশা গাঞ্জাসহ দুজনকৈ লোক আটক কৰিবলৈ সক্ষম হয়৷ পিছে আটকাধীন গাঞ্জা ব্যৱসাসী দুজন হৈছে জিলাখনৰ খংৰা গাঁৱৰ চাইফুল আলী আৰু চহিদুল খান৷ উল্লেখ্য যে,তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত পৰহি নিশা চলিছিল এই অভিযান ৷ এই অভিযান কালত আৰক্ষীয়ে ধৃত গাঞ্জা সৰবৰাকাৰী দুজনৰ নিজ বাসগৃহৰ পৰা তিনি কেজি দুশ বিশ (৩.২২০ ) গ্ৰাম শুকান গাঞ্জা জব্দ কৰে ৷

Exit mobile version