নগাঁও, ১৪ছেপ্তেম্বৰঃ ব্ৰইলাৰ পুহি পুনৰ ৰাইজৰ ৰোষত পৰিছে নগাঁৱৰ তুলসীমুখ দেউৰী গাঁৱৰ এটা পৰিয়াল ৷ তিনি বছৰ ধৰি ৰাইজে এঘৰীয়া কৰি ৰাখিলে পৰিয়ালটোক ৷ এয়া সভ্য সমাজত লজ্জানত কৰা ঘটনা, যিটো সংঘটিত হৈছে এইখন অসমতে ৷ এখন সৰু ব্ৰইলাৰ ফাৰ্ম খুলি নিজৰ পৰিয়ালটো পোহপাল দিছিল নগাঁৱৰ তুলসীমুখ দেউৰী গাঁৱৰ অপূৰ্ব দাস নামৰ লোকজনে ৷ কিন্তু ব্ৰইলাৰ পালন কৰাই কাল হ’ল লোকজনৰ ৷ গাঁওখনৰ কেইজনমান বিশেষ জ্ঞানী লোকৰ পৰোচনাত পৰি সমাজে এঘৰীয়া কৰিলে লোকজনক ৷ লক’ডাউনৰ সময়ত হিয়া উজাৰি ৰাইজক সহায় কৰা অপূৰ্ব দাসৰ ব্ৰইলাৰ পালন কৰাটোৱে হ’ল ভুল ৷ কোন দিশে ধাৱমান বৰ্তমানৰ সমাজ ব্যৱস্থা ৷ ইয়াৰ বাবে জগৰীয়া কোন ৷ বৰ্তমান ন্যায়ৰ অপেক্ষাত অপূৰ্ব দাসৰ পৰিয়ালটো ৷ কোনে ন্যায় দিব এই দূৰ্ভগীয়া পৰিয়ালটোক সেয়া সময়ত হ’ব লক্ষ্যণীয়।