Fearless Press

মহানগৰীৰ সাতগাঁৱত গজৰাজৰ মুক্ত বিচৰণ

গুৱাহাটী,১৬ ছেপ্তেম্বৰঃ গুৱাহাটী মহানগৰীত পুনৰ বন্যহস্তীৰ মুক্ত বিচৰণ। এইবাৰ খাদ্যৰ সন্ধানত আমছিং অভয়াৰণ্যৰ পৰা ওলাই আহি আৰ্মী পাব্লিক স্কুলত সোমাল গজৰাজ। গজৰাজৰ মুক্ত বিচৰণকলৈ আতংকিত হৈ পৰে স্কুল কৰ্তৃপক্ষ। বহু সময় স্কুলখনৰ ভিতৰত মুক্ত বিচৰণ কৰে বন্য হস্তীটোৱে। অৱশ্যে কোনো লোকৰ কোনো ধৰণৰ ক্ষতি কৰা নাই বন্য হস্তীটোৱে। ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক। বন বিভাগৰ লোকে বহু সময় চেষ্টা কৰি হাতীটোক পুনৰ আমছিং অভয়াৰণ্যলৈ উভতাই পঠিয়াবলৈ সক্ষম হয়। খাদ্যৰ সন্ধানত এনেদৰে প্ৰায়ে বন্য হস্তীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায় নাৰেংগী সেনা চাউনীৰ লগতে সাতগাঁও অঞ্চলত ।

Exit mobile version