Fearless Press

চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত এলেকাৰ ১ নং বৰদিকৰাইত অমৃত সৰোবৰ আচনিৰ শুভাৰম্ভ

জামুগুৰিহাট,১৭ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আঁচনি অমৃত সৰোবৰ আঁচনিৰ শুভ উদ্ধোধন কৰে অঞ্চলৰ জ্যেষ্ঠ সমাজসেৱিকা গোমা পোখ্ৰেলে ৷ ইয়াৰ লগতে নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ এলেকাৰ খকনবস্তীত জে চি বি চলাই প্ৰথম চপৰা মাটি কাটি অমৃত সৰোবৰ আঁচনিৰ কাম শুভাৰম্ভ কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্য, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল আৰু উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে ৷ এই অমৃত সৰোবৰ আঁচনিখনত সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে পুখুৰীৰ পাৰ সমুহ সুন্দৰকৈ নিৰ্মাণ কৰা , কণকণ ল’ৰাছোৱালীৰ বাবে খেলধেমালি কৰিবলৈ পাৰ্কৰ সুন্দৰ ব্যৱস্থা কৰাৰ লগতে বৃক্ষৰোপনৰ জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ প্ৰয়াস বুলি মন্তব্য কৰে উদ্ধোধক সকলে ৷লগতে পুখুৰীৰ পাৰত উপাৰ্জনৰ বাবে বিভিন্ন ব্যৱস্থা, হাঁহ কুকুৰা পালন কৰাৰ ব্যৱস্থা আদি কৰি সুন্দৰ পৰিবেশ সৃষ্টি কৰি পুখুৰী নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে ৷

Exit mobile version