Fearless Press

ছিপাঝাৰত মন্ত্ৰী অজন্তা নেওগে উন্মোচন কৰিলে অমৃত সৰোবৰ আঁচনি

ছিপাঝাৰ, ১৪ছেপ্তেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অসমতো উন্মোচন কৰা হ’ল অমৃত সৰোবৰ আঁচনি।এই উপলক্ষে ছিপাঝাৰত অমৃত সৰোবৰ আঁচনি মুকলি কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।ছিপাঝাৰ সমষ্টিত হ’বলগীয়া ৭৫ টা অমৃত সৰোবৰৰ প্ৰাথমিক পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে আজি সমষ্টিটোত ১২টাকৈ পুখুৰী খননৰ কামৰ শুভাৰম্ভ কৰে।স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, দৰং জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা প্ৰমুখ্যে জিলা গ্ৰামোন্নয়নৰ একাংশ বিষয়ববীয়াই মন্ত্ৰীগৰাকীক সহযোগ কৰে।

Exit mobile version