গুৱাহাটী,১৮ ছেপ্টেম্বৰঃ বলিউডৰ প্ৰসিদ্ধ অভিনেতা অনুপম খেৰ বৰ্ত্তমান গুৱাহাটী মহানগৰীত। ব্যক্তিগত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা স্বনামধন্য অভিনেতাগৰাকীয়ে আজি মা কামাখ্যা মন্দিৰত উপস্থিত হৈ মাৰ পূজা-অৰ্চনা কৰে। মন্দিৰত উপস্থিত হোৱা অভিনেতাগৰাকীক মন্দিৰ কৰ্তৃপক্ষৰ পৰা উষ্ম আদৰণী জনোৱা হয়। তেওঁ শক্তিপীঠ কামাখ্যা ধামৰ পৰিদৰ্শন কৰি পৰিৱেশ দেখি আপ্লুত হৈ পৰে। সামাজিক মাধ্যম যোগেও তেওঁ মা কামাখ্যা মন্দিৰত কৰা পূজা-অৰ্চনাৰ লগতে পৰিৱেশ বৰ্ণনা কৰি ভিডিঅ’ আপলোড কৰে। ইয়াৰ পূৰ্বে তেওঁ বিমানত থকা অৱস্থাটো গুৱাহাটীৰ নান্দনিক পৰিৱেশ সামাজিক মাধ্যমত আপলোড কৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক প্ৰসংশা কৰে। তেওঁ আজি কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি দেৱীৰ চৰণত পূজা আগবঢ়ায় সকলোৰে মংগল কামনা কৰে। ব্যক্তিগত কামৰ উদ্দেশ্য অসমলৈ অহা অভিনেতাগৰাকীয়ে অসমত দুদিন কটাব বুলি জানিব পৰা গৈছে।