গুৱাহাটী,১৮ ছেপ্টেম্বৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰক ‘ভাৰত জোড়ো যাত্রা’ অসমৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে। ‘ভাৰত জোড়ো যাত্রা’ৰ অধ্যক্ষ দিগ্বিজয় সিঙৰ অনুমোদন সাপেক্ষে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ তত্বাবধায়ক জিতেন্দ্র সিঙে আনুষ্ঠানকভাৱে বৰঠাকুৰক এই দায়িত্ব প্ৰদান কৰিছে। উল্লেখ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলি থকা মূল ‘ভাৰত জোড়ো যাত্ৰা’ৰ সমান্তৰালকৈ ১ নবেম্বৰৰ পৰা অসমতো ‘ভাৰত জোড়ো যাত্রা-অসম’ কাৰ্যসূচী আৰম্ভ হ’ব। ধুবুৰীৰ পৰা শদিয়ালৈকে মুঠ প্রায় ৮০০ কিলোমিটাৰ পথ সামৰি অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে এই যাত্ৰাৰ পৰিকল্পনা কৰিছে।