Fearless Press

জামুগুৰিহাটৰ ডিপলোঙা বন বিভাগৰ বৃহৎ সাফল্য, অভিযানত চোৰাং কাঠসহ এখন গাড়ী জব্দ আৰু কাঠফলা মেচিন জব্দ

জামুগুৰিহাট, ১৯ছেপ্তেম্বৰঃজামুগুৰিহাটৰ ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিলে চোৰাং কাঠসহ এখন বলেৰ গাড়ী । গভীৰ নিশা বনকৰ্মীৰ দলটোৱে জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জীয়া ভৰলী নদীৰ সমিপৰ অঞ্চলত জব্দ কৰে বলেৰ পিকআপ গাড়ীখন । চোৰাং কাঠ কটিয়াই বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়ত ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনকৰ্মীসকলে গোপন সূত্ৰৰ পম খেদি চোৰাং ভাৱে সৰবৰাহ কৰা গাড়ীখন জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে । ডিপলোঙা বনকৰ্মীসকলে এ- এছ- ১২- চি চি- ০৩৮৬ নম্বৰৰ নথি পত্ৰ বিহীন বলেৰ পিকআপখন জব্দ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহল । পথতে গাড়ী থৈ পলাই যায় জব্দকৃত গাড়ীখনৰ চালকজন । তাৰপিছতে বৰদিকৰাই মিচিং গাঁৱত ডিপলোঙাঙ বন বিভাগৰ দলটোৱে এক অভিযান চলোৱাত কাঠ মিলৰ লগতে কাঠ ফলা মেচিনসহ জব্দ কৰিবলৈ সক্ষম হয় ।

Exit mobile version