বৰপেটা,২২ চেপ্টেম্বৰঃ অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি আব্দুল আজিজৰ নেতৃত্বত এটি সজাতি দলে আজি ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগৰ অধ্যক্ষ ইকবাল সিং লালপুৰীয়াক সাক্ষাৎ কৰি অসম চৰকাৰে জেহাদীৰ নামত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়ৰ শিক্ষা অনুষ্ঠান মাদ্ৰাছা অসাংবিধানিক আৰু অমানৱীয়ভাবে উচ্ছেদ কৰা কাৰ্যক বন্ধ কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ স্মাৰকপত্ৰখনত উল্লেখ কৰা হয় যে যদি কোনো শিক্ষানুষ্ঠানত কোনো এজন শিক্ষক দোষী সাব্যস্ত হয় ৷ তাক আইনগতভাৱে যি শাস্তি হয় প্ৰদান কৰক সংগ্ৰাম পৰিষদৰ কোনো আপত্তি নাই ৷ এই ক্ষেত্ৰত সংখ্যালঘূ সংগ্ৰাম পৰিষদে সৰ্বতোপ্ৰকাৰে প্ৰশাসনক সহায় কৰিব বুলি উল্লেখ কৰে ৷ সেইবুলি শিক্ষানুষ্ঠান ধ্বংস কৰি শ শ ছাত্ৰক শিক্ষাৰ পৰা বঞ্চিত কৰা কাৰ্য কেতিয়াও মানি লোৱা নহয় বুলি মন্তব্য কৰে ৷ অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদে উক্ত মাদ্ৰাছা পুনৰ নিৰ্মাণ কৰি ছাত্ৰ সকলক শিক্ষাৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনায় ৷ ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগৰ অধ্যক্ষই পৰিষদৰ দাবীৰ প্ৰতি যথেষ্ট গুৰুত্ব সহকাৰে লয় আৰু এই ক্ষেত্ৰত তেখেতৰ কৰণীয়খিনি কৰিব বুলি নেতৃবৃন্দক দৃঢ়তাৰে আশ্বাস প্ৰদান কৰে ৷ সজাতি দলটো কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি মোকাদ্দেছ আলী মণ্ডল,উপ সভাপতি মোজাম্মিল হক, সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন আৰু দৰং জিলা কমিটিৰ সভাপতি মফিদুল ইছলাম উপস্থিত থাকে