নিউজ ডেক্সঃমায়া নামৰ এটা পহুৰ ক্ল’ন চীনা কোম্পানী চাইনোজিন বায়’টেকন’লজিয়ে তৈয়াৰ কৰিছে। চীনৰ চৰকাৰী সংবাদ মাধ্যম “গ্ল’বেল টাইমছ”ৰ মতে, এতিয়া নহয়, মায়াৰ জন্ম হৈছিল তিনিমাহতকৈও অধিক পূৰ্বে। কিন্তু জন্মৰ ১০০ দিনৰ পাছতো তাই সুস্থ হৈ থকা দেখিহে গোটেই কথাটো পোহৰলৈ অনা হৈছে ।মেৰুৰ পহুৰ জিন কুকুৰনেছীয়া বাঘৰ গৰ্ভত প্ৰতিস্থাপন কৰি মায়াক জন্ম দিয়া হৈছে। সংগঠনটোৰ নেতৃত্বত থকা এগৰাকী গৱেষকৰ মতে, বিপন্ন জীৱ-জন্তু বচাবলৈকে এনে পৰিকল্পনা কৰা হৈছে। ২০২০ চনৰ পৰা মেৰুৰ পহুবোৰৰ ক্ল’নিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৱশেষত দুবছৰ দীঘলীয়া অদম্য প্ৰচেষ্টাৰ অন্তত সফলতা আহিছে। তেওঁ লগতে দাবী কৰে যে বিশ্বত এই ধৰণৰ ক্ল’নিং সফল হৈছে। মায়া এতিয়া উত্তৰ চীনৰ হেইলংজিয়াং প্ৰদেশৰ এটা লেবত আছে নিজৰ ‘জন্মদাত্ৰী কুকুৰৰ সৈতে।জানিব পৰা মতে মাইকী আৰ্কটিক পহুৰ পৰা ১৩০টাতকৈও অধিক নতুন ভ্ৰূণ সৃষ্টি কৰা হৈছে।মায়াৰ জন্মক লৈ আশাবাদী বিজ্ঞানীসকল। বিজ্ঞানীসকলৰ মতে এই ধৰণৰ ক্ল’নিঙে ভৱিষ্যতে বিলুপ্তপ্ৰায় প্ৰাণীক বচাবলৈ সহায় কৰিব। প্ৰসংগক্ৰমে প্ৰথম ক্ল’ন কৰা প্ৰাণী ডলীৰ জন্ম হৈছিল ১৯৯৬ চনত এজন স্কটিছ বিজ্ঞানীৰ তত্বাৱধানত। সেই ভেড়াৰ জন্মৰ প্ৰায় তিনিটা দশক পাৰ হৈ গ’ল। ইতিমধ্যে ক্ল’নিঙৰ ক্ষেত্ৰত বিশ্ব বহুখিনি আগবাঢ়িছে। মায়া ইয়াৰ অন্যতম । বিজ্ঞানীসকলৰ মতে এই গৱেষণাৰ ফলত ভৱিষ্যতে অধিক সফলতা লাভ কৰিব পৰা যাব।
