গুৱাহাটী,২৩ ছেপ্টেম্বৰঃ সন্মূখত হিমালয় আহি থিয় দিলেও এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অসম চৰকাৰে পূৰণ কৰিব। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথ‍াৰত ৰ‍‍াজ্য চৰকাৰৰ ২৪ টা বিভাগৰ ১১,২৩৬ পদৰ বাবে নিযুক্তি পত্র বিতৰণৰ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী শৰ্মাই এইদৰে কয়। ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে যিমান সমালোচনা কৰিলেও অসম চৰকাৰে স্বচ্ছ আৰু নিকা ভাৱে এক লাখ নিযুক্তিৰ লক্ষ্যত উপনীত হ’বই। স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্রত চৰকাৰখনে সফলতা অৰ্জন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে প্ৰত্যাহ্বান জনাই কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদত হ’বলগীয়া নিযুক্তিত যদি এজনেও অনিয়মেৰে চাকৰি পোৱা বুলি প্ৰমাণ হয় তেন্তে চৰকাৰ এৰি দিব। অসমত এতিয়া নেতিবাচক কথা কোৱাৰ দিন নাই বুলি সদৰি কৰি তেওঁ কয় যে অসমত থাকিলে ইতিবাচক কথা ক’ব লাগিব। অসম এতিয়া বিকাশৰ পথত আৰু অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰা হ’ব। তেওঁ লগতে কয় যে একাংশৰ সমালোচনাৰ পাছতো বিদ্যাঞ্জলী আঁচনিৰ অধীনত ৩০ হাজাৰ লোকে নিজে পঢ়া বিদ্যালয়খনলৈ কিবা নহয় কিবা আগবঢ়াইছে। নিজে পঢ়া বিদ্যালয়লৈ বুলি ২৬,৮১১ খন ফেন দিছে। ইয়াত চৰকাৰৰ টকা নথকাৰ কথা নাই। তেওঁ কয় যে বিগত ডেৰ বছৰত অসম চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে ২৭ হাজাৰ নিযুক্তি দিবলৈ সক্ষম হৈছে। এক লাখ নিযুক্তি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নিযুক্তি পত্র বিতৰণৰ এনে সভা আৰু অনুষ্ঠিত হ’ব। শীঘ্ৰেই ফৰেষ্টৰ এটা নতুন বেটেলিয়ান কৰা হ’ব আৰু য’ত বহুসংখ্যক নিযুক্তি হ’ব। আজিৰ নিযুক্তিত অনুকম্পামূলক পাঁচশতাধিক নিযুক্তি দিয়া হৈছে বুলি তেওঁ কয়। দুটা দশকৰ পূৰ্বৰ পৰিৱেশৰ কথা সদৰি কৰি তেওঁ কয় যে সেইসময়ত চাকৰিৰ এখন ডাঙৰ বজাৰ চলি আছিল। ২০১১ চনত শিক্ষা বিভাগত টেটৰ যোগেদি স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া ‍আৰম্ভ কৰাৰ সময়ত বহু প্ৰত্যাহ্বান আহিছিল। কিন্তু সকলো বিতৰ্ক নেওচি অসমত শিক্ষক নিযুক্তিৰ ক্ষেত্রত স্বচ্ছ আৰু নিকা ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ কয়। মুখ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পাছত গৃহ বিভাগৰ নিযুক্তিৰ ক্ষেত্রত শিক্ষাৰ দৰে স্বচ্ছতা অনাৰ প্ৰয়াস কৰা হয়। তেওঁ কয় যে নিযুক্তি প্ৰক্ৰিয়া ‘গংগা’ৰ দৰে পবিত্র আৰু নিকা কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত নিকা আৰু স্বচ্ছভাৱে পুলিচৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। এতিয়া আৰু ইয়াক কোনেও কলংকিত কৰিব নোৱাৰে। যোগ্যতাৰ ভিত্তিতে চাকৰি পাব তাৰ ব্যৱস্থা কৰা হৈছে। এইখন চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে বুলি সদৰি কৰি তেওঁ কয় যে অসমে দেশক ৰাস্তা দেখুৱাইছে। পৰীক্ষাৰ বাবে দুঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাক কেন্দ্ৰ কৰি বিভিন্ন মহলে চৰকাৰখনক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে অসমৰ দুখীয়া লৰা-ছোৱালীৰ স্বাৰ্থত প্ৰয়োজন হ’লে দিনটো ইণ্টাৰনেট বন্ধ কৰি ৰাখিম। বিশেষকৈ সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্রীয়ে কয় যে যিমান সমালোচনা নকৰক কিয় নিজৰ বা মন্ত্রী-আমোলাৰ বাবে নহয় ৰাজ্যৰ দৰিদ্ৰ-দুখীয়াৰ বাবে প্ৰয়োজন হ’লে ২০ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ কৰিবলগীয়া হ’লে এক মূহুৰ্তও চিন্তা নকৰো। চাকৰি লাভ কৰা সকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে প্ৰথম দৰমহা লাভ কৰাৰ পাছত পিতৃ-মাতৃক উপহাৰ দিয়াৰ লগতে দ্বিতীয় মাহত ঘৰৰ ওচৰৰ মন্দিৰ-নামঘৰত কিছু বৰঙনি আগবঢ়োৱা আৰু তৃতীয় মাহৰ দৰমহাৰ পৰা নিজে পঢ়া বিদ্যালয়খনলৈ প্ৰয়োজনীয় যিকোনো সামগ্ৰী আগবঢ়োৱাৰ বাবে আহ্বান জনায়। লগতে অৰুণোদয় আঁচনি থ‍কিলে এৰি দিয়াৰ বাবে আহ্বান জনায়। আৰক্ষীত নিযুক্তি পোৱা সকলক দৰিদ্ৰজনৰ বন্ধু হিচাপে কাম কৰি যোৱাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রীয়ে। ‍আনহাতে ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে দুটা দশকত ৪০ হাজাৰ বিদ্যালয় নতুনকৈ স্থাপন কৰাৰ লগতে ২ লাখ শিক্ষক নিযুক্তি দিয়‍া হৈছে। ১২ অক্টোবৰত চাহ বাগানত আৰু ১০০ খন বিদ্যালয় ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰাৰ কথা মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ৭৫ বছৰৰ দুখ-দুৰ্দশা আঁতৰাই অসমখনক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব। ৰাজ্য চৰকাৰে ২ লাখ লোকক আত্মসংস্থাপন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত ৮ অক্টোবৰত সিদ্ধান্ত ঘোষণা কৰা হ’ব বুলি তেওঁ কয়। উল্লেখ যে আজি ৰাজ্যৰ ২৪ টা বিভাগত নিযুক্তি লাভ কৰা ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র বিতৰণ কৰা হয়। ইয়াৰে গৃহ আৰু ৰাজনৈতিক বিভাগত সর্বাধিক ৫,৩৩৫ জনে, উচ্চ আৰু কাৰিকৰী শিক্ষাত ৯২৭ জনে, বিদ্যালয় শিক্ষাত ৩,৮১১ জনে, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত ১জনে, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭ জন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ২৯৯ জনে, লোক নির্মাণত ৩০৪ জৈ, পর্যটনত ৬ জনে, জলসিঞ্চনত ১৩৭ জনে, পৰিৱেশ আৰু বন বিভাগত ৩ জন, পৰিবহণ বিভাগত ৩ জনে, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত এজনে, পৰিৱেশ আৰু বন বিভাগত ৩৩জনে, মহিলা আৰু শিশু উন্নয়নত ৪ জনে, জলসম্পদত ৩ জনে, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত ৪ জনে, ক্রীড়া আৰু যুৱ কল্যাণত ১৩ জনে, হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ত ৬ জনে, ৰূপান্তৰ আৰু উন্নয়নত ১১ জনে, সমবায় বিভাগত ২ জনে, দক্ষতা-নিয়োগ আৰু উদ্যমিতা বিভাগত ২৪ জনে, তথ্য আৰু জন সংযোগ বিভাগত এজনে, তথ্য প্ৰযুক্তি বিভাগত ৪ জনে, পশুপালন আৰু পশু চিকিৎসাত ২৭ জনে আৰু মীন বিভাগত ৩ জনে নিযুক্তি লাভ কৰিছে। নিযুক্তি পত্র বিতৰণ ‍অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, ডা: ৰণোজ পেগু, অজন্তা নেওগ, যোগেন মহন, সঞ্জয় কিষাণ, নন্দিতা গাৰ্লোছা, ইউ জি ব্ৰহ্ম, জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, বিমল বড়া আৰু পীযুষ হাজৰিকা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি বিভিন্ন বিভাগৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত আছিল।