চতিয়া, ২৩ ছেপ্টেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত দিকৰাই চাহ বাগিছাৰ মহিলাসকলে সংগঠিত ৰূপত বোৱা-কটাৰে স্বনিৰ্ভৰশীল হোৱাৰ দিশে ধাৱমান ৷ এই সকল মহিলাই সংগবদ্ধহৈ ভৰলীপৰীয়া আৰু সুকন্যা দুটা গোটৰ জৰিয়তে মহিলা সবলীকৰণৰ বাবে চতিয়া সমষ্টিৰ বিধায়ক , আঞ্চলিক পঞ্চায়তৰ সভাপতিক বিষয়টি উপস্থাপন কৰিছিল ৷ আৰু আজিৰ দিনত বিধায়ক , আঞ্চলিক পঞ্চায়তৰ সভাপতি , গাওঁপঞ্চায়তৰ সভাপতিৰ জৰিয়তে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত দিকৰাই চাহবাগিছাত এক গৃহ নিৰ্মাণ কৰা হয় মহিলাসকললৈ৷ বৃহস্পতিবাৰে বিয়লি এই গৃহটি মহিলাসকলৰ দুটা গোটক প্ৰদান কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ এই দুটা গোটৰ ৩০ গৰাকী মহিলাক নাবাৰ্ডৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰাই আগন্তুক দিনত চাহবাগিছাৰ লগতে স্থানীয় অঞ্চলত উপাৰ্জনমূখী কৰাৰ লক্ষ্য ৷ ইতিমধ্যে জনপ্ৰতিনিধিসকলে পৰিকল্পনা কৰি মহিলা সবলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপেই চাহবাগিছাসমুহত মহিলা সবলীকৰণৰ এক আদৰ্শ হ’ব বুলি আশা কৰিছে জনপ্ৰতিনিধিসকলে ৷