জামুগুৰিহাট, ২ছেপ্তেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত কংগ্ৰেছ শূণ্য কৰি দুই শতাধিক বিভিন্ন দলৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে | চাৰিদুৱাৰ মণ্ডল বিজেপিৰ উদ্যোগত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এক বিশাল যোগদান কাৰ্যসূচী | চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘ ভৱনত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছ আৰু ভোটাৰ্চ পাৰ্টিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ দুই শতাধিক দলীয় কৰ্মীয়ে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে | কংগ্ৰেছ আজিৰ দিনটোত দুবন্ত নাওঁ , দুৱন্ত নাওঁত উঠিলে যিহেতু মানুহ ডুবিব সেয়ে এতিয়া মানুহে কংগ্ৰেছৰ দুবন্ত নাৱত নুঠে ৷ যিসময়ত কংগ্ৰেছ দলে খোজকাঢ়িব লাগিছিল তেতিয়া খোজ নাকাঢ়িলে ৷ এতিয়া খোজকঢ়া দলটোক কোনোও এটুপি পানী নিদিয়ে ৷ কংগ্ৰেছে এতিয়া চৰকাৰ গঠনৰ অলিক সপোন দেখি লাভ নাই বুলি কৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলি দোঁহাৰি বিধায়ক গৰাকীয়ে ভাষণ প্ৰসঙ্গত কয় যে- একাংশই মোক ষড়যন্ত্ৰমূলক ভাবে বড়ো বিৰোধী সজাব খোজে , কিন্তু যদি তেনেকুৱাই হলহেতেন তেতিয়াহলে অগপৰ দিনৰ পৰাই আজি পৰ্যন্ত যথেষ্ট বড়ো সম্প্ৰদায়ৰ দলীয় সতীৰ্থ মোৰ সৈতে নাথাকিলে হেতেন বুলিও প্ৰশ্ন উত্থাপন কৰে । যোগদান কাৰ্যসূচীত চাৰিদুৱাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি, চাৰিদুৱাৰ যুৱ কংগ্ৰেছৰ সভাপতি, মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ লগতে দুইশতাধিক লোকে যোগদান কৰে বিজেপি দলত ৷
