Fearless Press

জয় আই ধ্বনি দি থাইলেণ্ড কঁপালে অসম সন্তান অভিজিতে

টীয়ক, ২৯ ছেপ্টেম্বৰ :WBO ৰ উদ্যোগত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা আন্ত: ৰাষ্ট্ৰীয় পেছাদাৰী বক্সিং প্ৰতিযোগিতাত পুনৰ জিলিকিল অসম সন্তান অভিজিত বৰুৱা। “জয় আই অসম” ধ্বনিৰে পুনৰ মুখৰিত হ’ল থাইলেণ্ডৰ বতাহ। হয়..থাইলেণ্ডৰ দুধর্ষ বক্সাৰ “বামডেট জুমপাং”ক KNOCK OUT কৰি অভিজিত বৰুৱাই জয় লাভ কৰিছে। অভিজিতৰ এই সফলতাত এতিয়া সমগ্ৰ বিশ্বতে অসমবাসী উৎফুল্লিত হৈ পৰিছে। লগতে সকলোৱে অভিনন্দন জনাইছে অভিজিতক। উল্লেখযোগ্য যে দুবাৰকৈ গ্ৰিনীজ ওৱ্লড ৰেকড হল্ডাৰ অভিজিত অসমৰ প্ৰথমজন প্ৰফেচনেল বক্সাৰ। ইপিনে থাইলেণ্ডৰ পৰাই খেলত বিজয়ী হৈ যুৱ বক্সাৰগৰাকীয়ে সমূহ অসমবাসী তথা সংবাদমাধ্যম আৰু আত্মীয় বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছে আৰু আগলৈও এইদৰে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে।

Exit mobile version