Fearless Press

শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা এজন লোকৰ

গুৱাহাটী,৪ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতেই নৱমী পূজাৰ দিনা শৰাইঘাট দলঙত অঘটন। দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰে এজন লোকে। উল্লেখ্য যে শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্র নদীত জাপ দি আত্মাহত্যাৰ চেষ্টা চলাই যদিও স্থানীয় ৰাইজে লোকজনক ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰে। নদীৰ পৰা উদ্ধাৰ কৰাৰ পাছত লোকজনক চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে লোকজন। কিন্তু বৰ্তমানলৈ লোকজনৰ কোনো পৰিচয় আৰক্ষীয়ে বিচাৰি পোৱা নাই।

Exit mobile version