নিউজ ডেক্স ঃ২০২২ চনত এছভাণ্টে পাবোৱে চিকিৎসা বা শৰীৰবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে । ছুইডেনৰ কেৰ’লিনস্কা ইনষ্টিটিউটৰ নোবেল বিধানসভাই সোমবাৰে ঘোষণা কৰে এই বঁটা। বিলুপ্ত হোমিনিনচৰ জিনম আৰু মানুহৰ বিৱৰ্তনৰ ওপৰত গৱেষণাই এই স্বীকৃতিৰ আনিছে তেওলৈ। পুৰস্কাৰ হিচাপে ১ কোটি ছুইডিছ ক্রাউন তোএঁ লাভ কৰিছে। এয়া ভাৰতীয় মুদ্ৰাত প্ৰায় সাত কোটি ৩৬ লাখ ৫৩ হাজাৰ ৭০৫ টকা।পাবোৰ জন্ম হৈছিল ছুইডেনত। নিয়াণ্ডাৰথালসকল আছিল আজিৰ মানৱ প্ৰজাতিৰ বিলুপ্ত পূৰ্বপুৰুষ। পাবোৱে সেই নিয়াণ্ডাৰথেলৰ জিনম পৰীক্ষা কৰিলে। এই ছুইডেনৰ বিজ্ঞানীয়ে বৰ্তমানৰ মানৱ প্ৰজাতিৰ আন এজন পূৰ্বপুৰুষ হোমিনিনচৰ ওপৰতো অধ্যয়ন কৰিছে। গৱেষণাৰ পৰা তেওঁ জানিব পাৰিছো যে সেই বিলুপ্ত প্ৰজাতিটোৰ পৰা বৰ্তমানৰ মানৱ প্ৰজাতিটোৰ শৰীৰলৈ জিন স্থানান্তৰিত হৈছে।এই গৱেষণাৰ সময়ত বিজ্ঞানীগৰাকীয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সংক্ৰমণৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া সৃষ্টি কৰে সেই বিষয়েও ভালদৰে বুজিবলৈ সক্ষম হয়।ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে যোৱা বছৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। মানুহৰ শৰীৰে উষ্ণতা আৰু স্পৰ্শ কেনেকৈ গ্ৰহণ কৰে সেই কথা আৱিষ্কাৰ কৰাৰ বাবে তেওঁলোকে নোবেল বঁটা লাভ কৰিছিল।
