Fearless Press

চতিয়াত অনুষ্ঠিত হ’ল মহিলাৰ দ্বাৰা ভাওনা

চতিয়া,১০ অক্টোবৰঃ চতিয়াত অনুষ্ঠিত হ’ল মহিলাৰ ভাওনা। ভীম, দুৰ্যোধনৰ চৰিত্ৰত কৰা মহিলাৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰিলে উপস্থিত হাজাৰ হাজাৰ ৰাইজক। পুৰুষ নহয়, এইবাৰ মহিলাৰ দ্বাৰা চতিয়াত অনুষ্ঠিত হ’ল ভাওনা। চতিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু চতিয়াবাসী ৰাইজৰ সহযোগত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলাপথাৰত পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় এই মহিলা ভাওণা। দেওবাৰে নিশা ‘দ্ৰোপদীৰ বস্ত হৰণ আৰু যুধিষ্ঠিৰৰ ৰাজসূৰ্য যজ্ঞ’ নামৰ নাটখনৰ ভীম, দুৰ্যোধনৰ প্ৰতিটো চৰিত্ৰতেই মহিলা সকলৰ সুন্দৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰে উপস্থিত হাজাৰ হাজাৰ ৰাইজক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ এখন পূৰ্ণাঙ্গ নাট মহিলাৰ দ্বাৰা অনুষ্ঠিত হোৱাটো মহিলা সমাজৰ বাবেই এক ইতিবাচক হিচাপে বিবেচিত হৈছে।

Exit mobile version