উত্তৰ প্ৰদেশ, লক্ষ্ণৌ,১০অক্টোবৰ : সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ আজি গুৰুগ্ৰামত দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৮২ বছৰ। ২ অক্টোবৰৰ পৰা গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত ভৰ্তি কৰোৱা আছিল তেওঁ । তেওঁৰ স্বাস্থ্য অধিক সংকটজনক হৈ আছিল। মুলায়মৰ মৃত্যুৰ পিছত উত্তৰ প্ৰদেশৰ ৰাজনীতিত খালী হৈ পৰিছে এক বিশাল স্থান। তিনিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মুলায়ম প্ৰথমে ১৯৭৭ চনত উত্তৰ প্ৰদেশৰ জনতা পাৰ্টিৰ চৰকাৰত মন্ত্ৰী হৈছিল। ইয়াৰ লগতে তেওঁ লোকদল, লোকদল (বি) আৰু জনতা দলৰ ইউ পি ইউনিটৰ ৰাজ্যিক সভাপতিও আছিল। ১৯৮২ চনত মুলায়ম বিধান পৰিষদৰ সদস্য হয়। ইয়াৰ পিছত ১৯৮৭ চনলৈকে তেওঁ বিধান পৰিষদত বিৰোধী দলৰ নেতা হিচাপে থাকে। ১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯১ চনলৈকে এই পদত অধিষ্ঠিত হৈছিল। ১৯৩৯ চনৰ ২২ নৱেম্বৰত ইটাৱা জিলাৰ ছাইফাইত জন্মগ্ৰহণ কৰা মুলায়মে ৰাজনীতি বিজ্ঞানত এম এছ চি পৰ্যন্ত অধ্যয়ন কৰিছিল। কিছুদিন পূৰ্বে তেওঁৰ দ্বিতীয় পত্নী সাধনা সিংহই শেষ নিশ্বাস ত্যাগ কৰে। ৰাজনীতিৰ পৰা পাৰিবাৰিক বিষয়লৈকে মুলায়ম সদায় শিৰোনাম দখল কৰি আহিছে। ৰাজনীতিত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ আৰু শক্তিশালী। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী পদত অধিষ্ঠিত মুলায়মে ২০১৯ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ মৃত্যু
