জামুগুৰিহাট,১২ অক্টোবৰঃবিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়াৰ দক্ষিণাঞ্চলৰ এখন বিদ্যালয় ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় য’ত এই মুহূৰ্তত বিদ্যালয়খনক চাৰিওদিশে আগুৰি ধৰিছে পানী কেৱল পানীয়ে ৷ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি ৷ লগে লগে তীব্ৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই ৷ বিদ্যালয়খনৰ ইতিমধ্যে ৰান্ধনীগৃহৰ এটা অংশ খহনীয়াত জাহ গৈছে ৷ আৰু হয়তো কিছু মুহূৰ্ততে বিদ্যালয়ৰ গৃহটোও খহনীয়াৰ কবলত পৰাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে ৷ ইতিমধ্যে বিদ্যালয়ৰ পৰিচালনা কমিটিৰ কতৃপক্ষই বিদ্যালয়ৰ গৃহৰ টিনপাতকে ধৰি আচবাব সুৰক্ষিত দিবলৈ চেষ্টা কৰিছে ৷ প্ৰায় শতাধিক ছাত্ৰছাত্ৰীৰ ইতিমধ্যে শিক্ষাগ্ৰহণ কৰি থকা অৱস্থাত এইদৰে গৰাখহনীয়াৰ কবলত পৰা এই বিদ্যালয়ক লৈ স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে ৷
