নলবাৰী ১২ অক্টোবৰ :যি সময়ত ৰাজ্য চৰকাৰে স্থাস্থ্য ক্ষেত্ৰত বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰি আহিছে ঠিক সেই সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অন্তৰ্গত একাধিক উপ স্বাস্থ্য কেন্দ্ৰৰআন্তঃগাঠনিয়ে ৰাইজৰ চকু কপালত উঠাইছে। তেনে এক উদাহৰণ হল-ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্যৰ অন্তৰ্গত বুৰবুৰী উপ স্বাস্থ্য কেন্দ্ৰ।দীৰ্ঘ বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত সম্প্ৰতি কেন্দ্ৰটোৰ দৰ্জা-খিৰিকী ভাঙি ছিঙি যোৱাৰ উপৰিও পকী মজিয়া খহাৰ লগতে টিনপাত ভাঙিবলৈধৰিছেবুৰবুৰী,নিজখগটা,কঞাজেনী আদি অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ যদিও ৰোগী অনুপাতে যিধৰণৰ চিকিৎসাৰ সা-সুবিধা পাব লাগিছিল সেয়া বাস্তৱত পোৱা নাই বুলি ৰাজহুৱা অভিয়োগ উঠিছে।কেন্দ্ৰখনত নাৰ্চসহ দুগৰাকী কৰ্মচাৰী আছে যদিও বৃহত্তৰ অঞ্চলটোৰ ৰোগী অনুপাতে যথেষ্ঠ নহয়।সেয়েহে মাজে সময়ে নিৰ্দিষ্ট সময়ৰ আগতে কেন্দ্ৰখন বন্ধ কৰি ঊৰ্ধতম কৰ্তৃপক্ষ ওচৰত ৰিপোৰ্ট দিবলৈ আটাইবোৰে যাব লগা ঘটনা সংঘটিত হয়।যাৰ পৰিপ্ৰেক্ষিতত ৰোগী কেন্দ্ৰটোলৈ আহি ঘৰলৈ উভতি যাবলগীয়া হয়।ইপিনে ৰ’দ আৰু বৰষুণ দিলে কেন্দ্ৰখনত প্ৰসুতি মহিলা আৰু অন্যান্য ৰোগীয়ে জিৰ’ণী ল’বলৈ ঠাই নাপায়।কিয়নো ৰোগী অনুপাতে কেন্দ্ৰটোত ঠাইৰ অভাৱ।সেয়েহে স্থানীয় ৰাইজে সংশ্লিষ্ট সমস্যা সমুহৰ লগতে উপ স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰ , নলবাৰী বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দাবী কৰিছে।লগতে কেন্দ্ৰ টোলৈ বছৰ বছৰ অহা চৰকাৰ ধন ক’ত কেনেকৈ ব্যৱহাৰ হৈছে তাৰো এক তদন্ত কৰিবলৈ অঞ্চলটোৰ দল-সংগঠন তথা সচেতন ৰাইজে নলবাৰীৰ বিধায়ক আৰু জিলা উপায়ুক্তক আহ্বান জনাইছে।।