Fearless Press

ৰাষ্ট্ৰীয় ক্ৰীড়াত ২৮ টা পদকৰে ১৪ নম্বৰ স্থানত অসম

গুৱাহাটী,১৩ অক্টোবৰঃ গুজৰাটত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে ২৮ পদকেৰে ১৪ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়। বুধবাৰে সামৰণি পৰা ৰাষ্ট্ৰীয় ক্রীড়াত অসমে ৯ টা সোণ, ১০ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জসহ মুঠ ২৮ টা পদক লাভ কৰে। ইয়াৰ ভিতৰত একোৱাটিকচত ২ টা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জ, এথলেটিকচত ২ সোণ আৰু এটা ৰূপ, বক্সিঙত ২ টা সোণ আৰু ৩ টা ব্ৰঞ্জ, চাইকেলিঙত ২ টা ৰূপ, লনবলত ৩ টা সোণ, এটা ৰূপ আৰু ৪ টা ব্ৰঞ্জ আৰু ভাৰোত্তোলনত এটা ৰূপৰ পদক লাভ কৰে অসমৰ খেলুৱৈয়ে। বুধবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনা লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে বক্সিঙত সোণৰ পদক লাভ কৰে।

Exit mobile version