Fearless Press

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ নিৰপত্তা

গুৱাহাটী,১৪ অক্টোবৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ নিৰাপত্তা ব্যৱস্থা আগবঢ়োৱা হৈছে। সমগ্ৰ দেশতেই মুখ্যমন্ত্ৰীৰ বাবে থাকিব এই নিৰাপত্তা ব্যৱস্থা। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰিছিল জেড নিৰাপত্তা। জেড কেটেগৰীৰ পৰা জেড প্লাছলৈ উন্নীত কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা। উল্লেখ যে হায়দৰাবাদত গণেশ চতুৰ্থীৰ অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কাৰণ উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৰা মাইক কাঢ়ি লৈছিল এজন লোকে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা বিষয়টো পৰ্যালোচনা কৰিছিল গৃহ মন্ত্ৰণালয়ে। অৱশেষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়ালে জেড প্লাছ নিৰাপত্তা। এতিয়াৰে পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এছ পি জিৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থাকিব।

Exit mobile version