Fearless Press

ৰঙিয়ালৈ সোঁত বৈছে বিজেপি কৰ্ম্মীৰ

ৰঙিয়া, ১৫ অক্টোবৰঃ ৰঙিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত। হৰদত্ত বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা চি.এম চেম্পিয়নচীপ ফুটবল প্ৰতিযোগিতাৰ লগত জড়িত কাৰ্যসূচীত অংশগ্ৰহণ শাসকীয় দলৰ শীৰ্ষ নেতাৰ।বৃহস্পতিবাৰে আমন্ত্ৰণমূলক প্ৰাইজমানি খেলখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।আজি খেলখনত উপস্থিত থাকে পৱিত্ৰ মাৰ্ঘেৰিটা।ৰাজ্যৰ গাঁৱে ভূঞে থকা প্ৰতিভাৱান খেলুৱৈ সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই খেলখন অনুস্থিত কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই।ইফালে ৰবিবাৰৰ ফাইনেল খেলখনত উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে চন্দ্ৰমোহন পাটোৱাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো।উক্ত ফাইনেল খেলখনত সফল খেলুৱৈ সকলক বঁটা বিতৰণ কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Exit mobile version