Fearless Press

দীপাৱলীৰ বাবে সাজু বৰপেটাৰ আতচবাজীঃ কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পেলাইছে প্ৰভাব

বৰপেটা,১৭ অক্টোবৰঃ সম্প্ৰতি দীপাৱলীৰ আকাশ ৰঙীন কৰিবলৈ বৰপেটাৰ আতচবাজী শিল্পীসকলে সাজু হোৱা পৰিলক্ষিত হৈছে ৷ বিগত ২০১৯ চনৰ পৰাই ক’ভিড পৰিস্থিতিৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈ আহিছে আতচবাজী শিল্পৰ সৈতে জড়িত হৈ অহা শিল্পীসকল ৷ যোৱা বছৰ দীপাৱলীত আতচবাজী শিল্পীসকলে অলপ সকাহ পাইছিল ৷ পিছে এইবাৰ দীপাৱলীৰ বজাৰ ভাল হ’ব বুলি বৰপেটাৰ আতচবাজী শিল্পীসকলে অাশা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে,দীপাৱলীৰ বাবে এমাহ আগৰে পৰা অাতচবাজী নিৰ্মাণত কাৰুশিল্পীসকল ব্যস্ত হৈ পৰিছে ৷ বৰপেটাৰ বিখ্যাত ফুলজাৰি, কলগছ, হাজাৰ পাত্তা, আচমান গোলা, মতা ফুলজাৰি আদিকে ধৰি বিভিন্ন আতচবাজী প্ৰস্তুত কৰাত শিল্পীসকলে পূৰ্ণদ্যোমে ব্যস্ত হৈ পৰিছে ৷ ইপিনে কেঁচামালৰ মূল্যবৃদ্ধিয়ে কাৰুশিল্পীসকলক চিন্তিত কৰি তুলিছে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি কাৰুশিল্পী গোপজিৎ পাঠকে জানিবলৈ দিয়া মতে এইবাৰ প্ৰস্তুতি ভালেই। অসমৰ বিভিন্ন জিলাৰ লগতে অৰুণাচল, শ্বিলং আদিলৈ ইতিমধ্যে আতচবাজী গৈছে ৷ আনহাতে কেঁচা সমাগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত আতচবাজীৰো মূল্যবৃদ্ধি কৰিবলগীয়া হোৱা বাবে চিন্তিত বুলি গোপজিৎ পাঠকে প্ৰকাশ কৰে ৷ স্মৰ্তব্য যে, ব্ৰিটিছৰ সময়তে আৰম্ভ হোৱা আতচবাজী কি কাৰণে ভালদৰে বজাৰ দখল কৰিব পৰা নাই, সেই বিষয়ে গোপজিৎ পাঠকে কয় যে, বাৰুদৰ কামত বহুখিনি নিয়মৰ মাজেৰে যাব লাগে অাৰু সকলোবোৰ হাতেৰে নিৰ্মাণ কৰিব লাগে, মূলধনৰ অভাৱ, আনহাতে কেঁচা সামগ্ৰীখিনি বহিঃৰাজ্যৰ পৰা আনিবলগীয়া হোৱা আদি কাৰণত বজাৰত ফেৰ মাৰিব নোৱাৰা বুলিও গোপজিৎ পাঠকে প্ৰকাশ কৰে ৷

Exit mobile version