গুৱাহাটী,২২ অক্টোবৰঃ বিদগ্ধ পণ্ডিত, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা আৰু নাই। আজি বিয়লি ৪.৫৬ বজাত তেওঁৰ দেহাৱসান ঘটে। পণ্ডিতপ্ৰবৰ এইগৰাকী মহান অসমীয়াৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। বিগত ১১ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল বৈষ্ণৱ পণ্ডিতগৰাকীক। ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছিল। দীৰ্ঘদিন ধৰি ক্ৰনিক লিভাৰ ডিজিচ ৰোগত আক্ৰান্ত হৈ থকা বুঢ়া সত্ৰাধিকাৰগৰাকীক ক’ভিড সংক্ৰমণৰ মাজতে পূৰ্বেও জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ কিছু আৰোগ্য লাভ কৰাত পুনৰ সত্ৰলৈ ঘূৰি গৈছিল। পৰৱৰ্তী সময়ত তেওঁ চিকিৎসকৰ তৎত্বাৱধানত আছিল যদিও ৰোগৰ জটিলতা বৃদ্ধি পোৱাত পুনৰ জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল। ১৯৩৮ চনৰ ১ এপ্ৰিলত সুন্দৰীদিয়াত গিৰীশ চন্দ্ৰ শৰ্মা আৰু দময়ন্তী দেৱীৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল বশিষ্ঠ দেৱ শৰ্মাই। প্ৰথমে এগৰাকী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বশিষ্ঠ দেৱ শৰ্মাৰ শৈশৱৰ পৰাই আছিল সত্ৰীয়া সংস্কৃতিৰ সৈতে আত্মীয়তা। প্ৰথমে বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি তেওঁ সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে নিৰ্বাচিত হোৱা বশিষ্ঠ দেৱ শৰ্মাই ১৪ বছৰ বৰপেটা সত্ৰত ডেকা সত্ৰাধিকাৰ হিচাপে দায়িত্ব পালনৰ পিছত ২০০৭ চনত বুঢ়া সত্ৰাধিকাৰ হিচাপে নিৰ্বাচিত হয়। ২০০৭ ৰ পৰা মৃত্যু পৰ্যন্ত তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰিয়া হিচাপেই দায়িত্ব পালন কৰি থাকিল।
অসমৰ সত্ৰীয়া সংস্কৃতিৰ লগতে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাক অসম চৰকাৰে শংকৰদেৱ বঁটা, সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা, সাংস্কৃতিক মহাসভা অসমে জীৱনযোৰা সাধনা বঁটা, শ্ৰী শ্ৰী দৈত্তাৰী ঠাকুৰ বঁটা, মথুৰাদাস বুঢ়া আতা বঁটা, কমলাবাৰী সত্ৰপ পৰা বদলা পদ্ম আতা বঁটা, অখিল ভাৰত হিন্দু মহাসভা অসম সমিতিৰ পৰা লুইতপৰীয়া জীৱনযোৰা সাধনা বঁটাকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰিছে। শৈশৱৰ পৰাই সাংস্কৃতিৰ লগত একাত্ম হৈ থকা বশিষ্ঠ দেৱ শৰ্মাই অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতেও জড়িত হৈ পৰিছিল। ১৯৬৫ ত তেওঁক গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ই সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিল। এই ৰেডিঅ’ চেণ্টাৰতে তেওঁ বীৰ নাম, নিবিৰ কীৰ্তন, ঘোষা, হলিগীত, নাওঁখেলৰ গীত, বৰগীত আদি পৰিৱেশন কৰাৰ লগতে অংকীয়া ভাওনাও পৰিৱেশন কৰিছিল। ৰেডিঅ’ত কেৱল সংগীত পৰিৱেশনেই নহয়, ইয়াৰ ব্যাখ্যাও দাঙি ধৰিছিল বশিষ্ঠ দেৱ শৰ্মাই। শ্ৰীবৎস চিন্তা, নল-দময়ন্তি, সতী বেউলা, পূজনী পাখি আদিৰো সংগীত পৰিচালনা কৰিছিল। অসমৰ মহাপুৰুষীয়া সত্ৰিয়া সংস্কৃিতৰ উপৰিও তেওঁ অসমৰ অন্যান্য চহকী সংস্কৃতি প্ৰসাৰৰ উদ্দেশ্যে আহোপুৰুষাৰ্থ কৰিছিল। পশ্চিমবংগ, দিল্লী, বিহাৰ, হিমাচল প্ৰদেশ, পঞ্জাৱ, মহাৰাষ্ট্ৰ, তামিলনাডুকে ধৰি বিভিন্ন ৰাজ্যত অসমৰ সংস্কৃতিৰ প্ৰচাৰত নিমগ্ন হৈছিল। তেওঁৰ কণ্ঠত হোলিগীত শুনিবলৈ বৰপেটা বাসীয়ে আজিও অপেক্ষা কৰে। ইয়াৰ উপৰিও সাংস্কৃতিক মনটোৰ পৰিচয় দাঙি ধৰিয়েই তেওঁ কেইবাটাও কেছেটত সংগীত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপেও ভূমুকি মাৰিছিল। তেনে কেইটামান কেছেট সুন্দৰ, হৰি গুণ গাই নাচা, মোহন কলিয়া আদি। ইয়াৰ উপৰিও থিয়নামৰ কেছেট যদুপতি, বনমালি ৰাম আদিও উল্লেখযোগ্য। ড০ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত এৰাবাটৰ সুৰ নাটকত তেওঁক দেখা গৈছিল ভোৰ তাল নৃত্য প্ৰদৰ্শনত। অসমীয়া সাহিত্যৰ দিশটোলৈকে বশিষ্ঠ দেৱ শৰ্মাই বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ কেইবাখনো নাটক বাংলা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ ভিতৰত মাটিৰ মানুহ, মহিষাসুৰ বধ, বেথাৰ পূজা অন্যতম। সত্ৰীয়া নৃত্যৰ বিচাৰ, শংকৰদেৱ, সুন্দৰীদিয়া, থিয়নাম, এক মধুৰ সোঁৱৰণি আদি তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। যাত্ৰা নাটক আৰু অংকীয়া নাটক তেওঁ অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰাৰ লগতে নিজেও পৰিচালনা কৰিছিল। অংকীয়া নাটকৰ উপৰিও তেওঁ আন আন নাটকতো অভিনয় কৰি ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। নামনি অসমত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মাৰ ভূমিকা আছিল উল্লেখযোগ্য। নামনি অসমৰ বিভিন্ন স্থানত তেওঁ শাখা সত্ৰ প্ৰতিষ্ঠা কৰাৰ লগতে পদ্ধতিগত ভাৱে মহাপুৰুষজনাৰ আদৰ্শ প্ৰচাৰত মগ্ন আছিল। তেওঁৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে স্থাপন হৈছিল বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ। এইগৰাকী পণ্ডিত প্ৰবৰ ব্যক্তিৰ উদ্যোগতে বৰেপেটা শাখা সত্ৰৰ ৩০০ খন সত্ৰক সংগবদ্ধ কৰিছিল। বিশেষকৈ অসমীয়া সমাজ জীৱনলৈ তেওঁ যি অৱদান আগবঢ়ালে সেই অৱদানক সকলোৱে স্বীকাৰ কৰে। জাত,পাত বিহীন এখন সমাজ প্ৰতিষ্ঠাৰ বাবে তেওঁ প্ৰচেষ্টা হাতত লৈছিল। সমাজৰ একাংশই নিম্নশ্ৰেণীৰ লোকবুলি গণ্য কৰাসকলৰ লগতে, জনাজাতীয় সমাজ আৰু চাহ বাগিছাকে ধৰি অন্যান্য সমাজত তেওঁ প্ৰতিষ্ঠা কৰিছিল সত্ৰ আৰু নামঘৰ। নামনি অসমত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়তো তেওঁৰ উদ্যোগত বহু সমাজহিতকৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। গোষ্ঠিগত সংঘৰ্ষত জৰ্জিৰিত অঞ্চলত খাদ্য, ঔষধ, কাপোৰ, খোৱা পানীকে ধৰি বিভিন্ন সামগ্ৰী যোগান ধৰা আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ লৈছিল আগভাগ। কেৱল নামনি অসমতে নহয় উজনি অসমৰ যোৰহাটৰ তিতাবৰ, লখিমপুৰৰ পঠালি পাহাৰ, নাওবৈছা আদিত দিছিল সত্ৰীয়া সংস্কৃতিৰ জ্ঞান। শিকাইছিল সত্ৰীয়া নৃত্য।