Fearless Press

মানকাচৰৰ বিভিন্ন ঠাইত মুকলি জুৱাৰ বিৰুদ্ধে মানকাচৰ আৰক্ষীৰ অভিযান

হাটশিঙীমাৰী, ২৭ অক্টোবৰঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী মানকাচৰ থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত মুকলি জুৱাৰ বিৰুদ্ধে যোৱাৰাতি মানকাচৰ আৰক্ষীয়ে অভিযান চলায়৷ আৰক্ষীৰ এই অভিযানত থানা এলাকাৰ বিভিন্ন ঠাইত মুঠ ১০ টা কৈ জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে জুৱাৰ সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হয় মানকাচৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে দিপাৱালীৰ সুযোগ লৈ ‌একাংশ জুৱাৰীয়ে মানকাচৰ থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত মুকলি জুৱাৰ ঘাটি বহাইছিল আৰু তাৰ বিৰুদ্ধে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাসৰ নেতৃত্বত অভিযান চলাই উৎখাত কৰে জুৱাৰ ঘাটি সমূহ৷

Exit mobile version