Fearless Press

গুৱাহাটীত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

গুৱাহাটী,২৮ অক্টোবৰঃ মহানগৰীত পুনৰ পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক। গুৱাহাটীৰ চান্দমাৰীস্থ ভাস্কৰ নগৰৰ পথৰ পৰা পিষ্টলসহ গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম মফিজুল ইছলাম (১৯)। চান্দমাৰী আৰক্ষীয়ে ৰাজপথৰ পৰা পিষ্টলসহ গ্ৰেপ্তাৰ কৰে যুৱকজনক। ভাস্কৰ নগৰত ভাৰাতীয়া হিচাপে আছিল যুৱকজন। আৰক্ষীয়ে জনোৱা মতে যুৱকজনৰ ঘৰ ধুবুৰীত। দীপ নাৰায়ণ শ্বাহ নামৰ এজন ঠিকাদাৰৰ সৈতে কাম কৰিছিল মফিজুল ইছলামে। দীপ নাৰায়ন শ্বাহকো আটক কৰিছে চান্দমাৰী আৰক্ষীয়ে। কি কাৰণে পিষ্টল ব্যৱহাৰ কৰি আছিল যুৱকজনে সেই  বিষয়ে আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান। ফ’লচ ছিলিঙৰ মিস্ত্ৰী হিচাপে ঠিকাদাৰৰ সৈতে গুৱাহাটীত কৰ্মৰত যুৱকজন। প্ৰাথমিক অনুসন্ধানত চানমাৰী আৰক্ষীয়ে পিষ্টলটো ফেক্টৰীত নিৰ্মাণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনৰ সৈতে ঠিকাদাৰক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। লগতে অব্যাহত ৰাখিছে অনুসন্ধান।

Exit mobile version