Fearless Press

আমিনগাঁৱত এক কোটি টকাৰ হেৰ’ইন জব্দ

গুৱাহাটী,২৯ অক্টোবৰঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। শুকুৰবাৰে যোৰাবাটত মহানগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ পাছত আজি কামৰূপ আৰক্ষীয়ে আন এক বৃহৎ সফলতা লাভ কৰে। আৰক্ষীয়ে অভিযান চলাই আমিনগাঁও আৰ্মী কেম্পৰ সমীপৰ বাছ ষ্টেণ্ডৰ পৰা জব্দ কৰে ১৫ পেকেট হেৰ’ইন। আৰক্ষীয়ে জনোৱা মতে হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা। হেৰ’ইনখিনি শিলিগুৰিলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে। যুৱক জন কাৰ্বি আংলঙৰ বুলি জানিব পৰা গৈছে। এই অভিযান কামৰূপৰ ডি এছ পি কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল।

Exit mobile version