শোণিতপুৰ,২৯অক্টোবৰঃউজনি অসম আৰু উত্তৰ অসম সংযোগী তথা মধ্য অসম আৰু উত্তৰ অসম সংযোগী যাতায়ত ব্যবস্থাৰ মূল মাধ্যম স্বৰূপ কলিয়াভোমোৰা দলং এক নবেম্বৰৰ পৰা বন্ধ থাকিব।এক নবেম্বৰৰ পৰা এই দলং খনৰে যানবাহনৰ চলাচল বন্ধ থাকিব।তেজপুৰত কালি জিলা উপায়ুক্তৰ সভা কক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা ঘোষনা কৰে শোণিতপুৰৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। উপায়ুক্ত গৰাকীয়ে সদৰী কৰা মতে কলিয়াভোমোৰা দলঙৰ মেৰামতিৰ বাবে এই ব্যবস্থা গ্ৰহণ কৰা হৈছে।দলং বন্ধৰ এই সময় খিনিত কলিয়াভোমোৰাৰ আন খন নৱ নিৰ্মিত দলঙৰে যাতায়ত অব্যাহত থাকিব।নতুনকৈ নিৰ্মাণ কৰা দলং খন পৰৱৰ্তী সময়তহে আনুষ্ঠানিকভাবে উদ্বোধন তথা মুকলি কৰা হ’ব।।
কলিয়াভোমোৰা দলং এক নবেম্বৰৰ পৰা বন্ধ
