লখিমপুৰ, ৩০ অক্টোবৰ ; আজিৰে পৰা লীলাবাৰী বিমানকোঠৰ পৰা চলিব Alliance Air ৰ বিমান সেৱা ।উত্তৰ পূবৰ আকাশত একেদিনাই উৰিব ৫ খনকৈ Alliance Air ৰ বিমান । উৰান আঁচনিৰ অন্তৰ্গত লীলাবাৰী,জিৰ ‘, ছিলং,ইম্ফল আৰু আইজাল এই বিমানকোঠ কেইটাৰ পৰা চলিব এই বিমান । আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যমন্ত্ৰী জি কে সিঙৰ সৈতে virtualy এই বিমান সেৱা শুভাৰম্ভ কৰে । লীলাবাৰীৰ পৰা সপ্তাহত চাৰিটা দিন চিলঙলৈ আৰু দুটা দিন জিৰ লৈ চলিব এই বিমান । ভাৰ্চুৱেলী শুভাৰম্ভ কৰা এই কাৰ্যসূচীত লখিমপুৰ লীলাবাৰী বিমান কোঠত উপস্থিত থাকে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,বিধায়ক মানৱ ডেকা, আৰু বিমান প্ৰাধিকৰণৰ বিষয়াবৰ্গ ।
লখিমপুৰৰ পৰা আজিৰে Alliance Air ৰ বিমান সেৱা আৰম্ভ
