Fearless Press

লেখাপানী হাচাক স্থিত ভাৰতীয় সেনাৰ অসম ৰাইফলছৰ উদ্যোগত চৰ্দাৰ বল্লভ ভাই পেটেল জন্ম দিনৰ ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

তিনিচুকীয়া ৩১ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ লেখাপানী ভাৰতীয় সেনা চাউনিৰ অন্তৰ্গত হাচাক গাঁৱৰ স্থিত অসম ৰাইফলছৰ সেনাৰ উদ্যোগত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিন হিচাপে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰে । প্ৰতি বছৰৰ দৰে এইবাৰো ভাৰতীয় সেনাৰ উদ্যোগত হাচাক অঞ্চলৰ গাৱঁৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ সজীৱ কৰি ৰাখিবলৈ ভাৰতীয় সেনাৰ ১২ নং অসম ৰাইফলছৰ মেজৰ হিতেশ মেহেতা তত্বাৱধানত অনুষ্ঠানটি অনুষ্ঠিত হয় । অনুষ্ঠানটিৰ আৰম্ভণিতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে লগতে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গাঁৱৰ যুৱক সকলৰ মাজত মাৰথন দৌৰ অনুষ্ঠিত হয় লগতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ আৰু তেখেতৰ ত্যাগ আৰু অৱদানৰ ওপৰত বক্তব্য প্ৰদান কৰি ভাৰতীয় সেনা আৰু গাঁৱৰ ৰাইজৰ মাজত এটি সুসম্পৰ্ক অটুট ৰখাৰ বাবে এটি পৰিবেশ সৃষ্টি কৰে ভাৰতীয় সেনাই । ভাৰতীয় সেনাৰ ১২ নং অসম ৰাইফলছৰ মেজৰ হিতেশ মেহেতা ডাঙৰীয়া আৰু সেনা চাউনিৰ সকলো বিষয়া আৰু যোৱান সকলে চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিনটোত আজি ৰাষ্ট্ৰীয় একতা দিৱস গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা বাবে গাঁৱৰ ৰাইজে ভাৰতীয় সেনা বাহিনীৰ দলটিক ধন্যবাদ জ্ঞাপন কৰে ।

Exit mobile version