Fearless Press

হ্ৰাস পালে পেট্ৰ’ল-ডিজেল আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

গুৱাহাটী,১ নবেম্বৰঃ ভাল খবৰ। পেট্ৰ’লৰ লগতে হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য। ১১৫ টকাকৈ হ্ৰাস পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য। পহিলা নৱেম্বৰ পুৱাই চৰকাৰে জনতাক দিলে ভাল খবৰ। ইন্ধনৰ বৰ্ধিত মূল্যত কিছু স্থবিৰতা আহিছে। যাৰ ফলত এফালে হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য আৰু আনফালে হ্ৰাস পাইছে গেছ চিলিণ্ডাৰৰ মূল্য। কেন্দ্ৰীয় চৰকাৰে এ পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাইছে। সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব এই মূল্য হ্ৰাস। অৱশ্যে হ্ৰাস কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আজিৰে পৰা প্ৰতিটো ১৯ কেজিৰ ব‍ণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৫.৫০ টকা হ্ৰাস কৰা হৈছে। আনহাতে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কোনো সালসলনি হোৱা নাই। পূৰ্বৰ নিৰিখতে ৰখা হৈছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। উল্লেখ যে ৬ জুলাইৰ পৰা স্থিৰ হৈ আছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। ইফালে আজিৰে পৰা হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। বিগত ৭ মাহৰ ভিতৰত এয়া প্ৰথম মূল্য হ্ৰাস। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪০ পইচা হ্ৰাস কৰা হৈছে। এই নতুন মূল্য আজিৰে পৰা কাৰ্যকৰী হৈছে। বিগত ৭ মাহৰ ভিতৰত এইয়ে প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য।

Exit mobile version