গুৱাহাটী,২ নবেম্বৰঃ গুৱাহাটী মহানগৰীত পুনৰ জব্দ বাৰ্মিজ চুপাৰি। আৰক্ষীয়ে গুৱাহাটীত বাৰ্মিজ চুপাৰীসহ জব্দ কৰিছে তিনিখন বাহন। লগতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৮ সৰবৰাহকাৰীক। মেঘালয়ৰ পৰা চিৰাঙলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰা হয় চুপাৰিখিনি। তিনিখনকৈ বাহনত সৰবৰাহ কৰা হৈছিল বাৰ্মিজ চুপাৰিখিনি। হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে বাহনভৰ্তি বাৰ্মিজ চুপাৰিখিনি। অতি কৌশলপূৰ্ণ ভাৱে সৰবৰাহ কৰা হৈছিল চুপাৰিখিনি। ডাঙৰ বাহনৰ পৰিবৰ্তে সৰু সৰু চাৰি চকীয়া বাহনেৰে সৰবৰাহ কৰা হৈছিল চুপাৰিখিনি। মেঘালয়ৰ পৰা চিৰাং অভিমুখে যোৱাৰ পথত বশিষ্ঠত জব্দ কৰা হয় চোৰাং বাৰ্মিজ চুপাৰিখিনি। গ্ৰেপ্তাৰ কৰা ৮ জন সৰবৰাহকাৰী হৈছে ক্ৰমে দীপক আৰ্য্য , ইদ্দিছ আলী, ইক্ৰমোল হুছেইন , অনু আলী , উজেৰ ইছলাম , নাচিৰ উদ্দীন বিশাল আৰ্য্য আৰু চাদ্দাম হুছেইন ।
মহানগৰীত পুনৰ জব্দ বাৰ্মিজ চুপাৰি
