নিউজ ডেক্সঃ‘কামিকাজে’ জাপানী ভাষাৰ এটা শব্দ। ইয়াৰ অৰ্থ হৈছে ‘পবিত্ৰ বায়ু’। কামিকাজে ড্ৰোনত বিস্ফোৰক বা ৱাৰহেড সজ্জিত কৰা হয়। ই লক্ষ্যৰ ওপৰত অপাৰেটৰৰ পৰা নিৰ্দেশনা পোৱাৰ আভ্যন্তৰীণ এলগৰিদম অনুসৰি লক্ষ্যৰ ওপৰত দ্ৰুত আক্ৰমণ চলাব পাৰে।লক্ষ্যৰ সংস্পৰ্শলৈ আহিলে কামিকাজে ড্ৰোন বিস্ফোৰণ ঘটে। এই ড্ৰোন এবাৰহে ব্যৱহাৰ কৰিব পাৰি। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাছিয়া আৰু ইউক্ৰেইনে ইজনে সিজনৰ বিৰুদ্ধে যমদূতৰ ৰূপত কামিকাজে ড্ৰ’ন ব্যৱহাৰ কৰি আহিছে। ৰাছিয়ানসকলে মূলতঃ ইৰানে যোগান ধৰা স্ব-নিৰ্মিত কামিকাজে ড্ৰ’ন ব্যৱহাৰ কৰিছে।‘চুইচব্লেড-৩০০’ আৰু ‘ছুইচব্লেড-৬০০’ হৈছে আমেৰিকাৰ ড্ৰ’ন নিৰ্মাণ কোম্পানী এৰ’এনভাইৰনমেণ্টে নিৰ্মাণ কৰা কামিকাজ ড্ৰ’ন। ৰুছ-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা আমেৰিকাই ইউক্ৰেইনক কমেও ১০০০ টা চুইচব্লেড-৩০০ আৰু চুইচব্লেড-৬০০ কামিকাজে ড্ৰোন যোগান ধৰিছে।২০২২ চনৰ মে’ মাহত খাৰকিভ খাৰ্কিভ প্ৰদেশত প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে চুইচব্লেড-৩০০ ড্ৰ’ন ব্যৱহাৰ কৰিছিল ইউক্ৰেইনৰ। তেতিয়াৰ পৰাই তেওঁলোকে ৰাছিয়াৰ বিৰুদ্ধে ব্যাপকভাৱে চুইচব্লেড ড্ৰ’ন ব্যৱহাৰ কৰি আহিছে। যেতিয়া এই ড্ৰ’নসমূহ ইউক্ৰেইনলৈ যোগান ধৰা হৈছিল, তেতিয়া ইউক্ৰেইনৰ সমৰ্থকৰ এক উল্লেখযোগ্য অংশই দাবী কৰিছিল যে এই যমৰূপী ড্ৰ’নে ৰুছ-ইউক্ৰেইন যুদ্ধৰ জোৱাৰ ঘূৰাই আনিব আৰু ৰাছিয়ানসকলক বিপুল লোকচান কৰিব।ইপিনে‘ফিনিক্স গোষ্ট’ হৈছে আমেৰিকাৰ অস্ত্ৰ নিৰ্মাতা কোম্পানী এভেক্স এৰ’স্পেছে নিৰ্মাণ কৰা কামিকাজ ড্ৰ’ন। ৰুছ-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত আমেৰিকাই ইউক্ৰেইনলৈ ১২০খন ফিনিক্স গোষ্ট ড্ৰোন ডেলিভাৰী কৰে আৰু পিছত আৰু ৫৮০খন ফিনিক্স গোষ্ট ড্ৰোন ডেলিভাৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।প্ৰথম পৰ্যায়ৰ যুদ্ধৰ পৰাই ইউক্ৰেইনৰ এই ড্ৰ’নসমূহ ৰাছিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে। কিন্তু দেখা গৈছে যে এই কামিকাজে ড্ৰ’নবোৰেও ৰাছিয়াৰ বিৰুদ্ধে বিশেষ সফলতা লাভ কৰা নাছিল। পোলেণ্ডৰ অস্ত্ৰ নিৰ্মাণ কোম্পানী ডব্লিউ বি ইলেক্ট্ৰনিকছৰ দ্বাৰা নিৰ্মিত কামিকাজে ড্ৰোন হৈছে ‘ৱাৰমেট’।যুদ্ধৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই ইউক্ৰেইনৰ লোকসকলে ৰাছিয়াৰ বিৰুদ্ধে কামিকাজে ড্ৰোন ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ যোৱা এপ্ৰিল আৰু জুলাই মাহত ইউক্ৰেইনৰ লোকসকলে ৱাৰমেট ড্ৰ’ন ব্যৱহাৰ কৰি জাপোৰ’ঝেই প্ৰদেশৰ এনাৰ্জোডাৰ চহৰৰ জাপ’ৰ’ঝেই পাৰমাণৱিক শক্তি কেন্দ্ৰত আক্ৰমণ চলাইছিল।
ৰাচিয়াই ইউক্ৰেইনৰ বাবে আনিছে নতুন যমদূত
