গুৱাহাটী,৩ নবেম্বৰঃ গুৱাহাটীত পুনৰ আৰম্ভ পৌৰ নিগমৰ উচ্ছেদ অভিযান। বৃহস্পতিবাৰে পুৱাই গুৱাহাটী পৌৰ নিগমে গণেশগুৰি এলেকাত অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। গুৱাহাটীৰ পদপথত অবৈধভাৱে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈছে পৌৰ নিগম। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ নিৰ্দেশত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ১ নবেম্বৰৰ পৰা চলিছে উচ্ছেদ অভিযান। সেই মৰ্মে আজি গণেশগুৰিত চলোৱা হয় উচ্ছেদ অভিযান। পদপথত থকা অস্থায়ী বিপনি সমূহ জেচিবি লগাই উচ্ছেদ কৰা হয়। অনুমতিবিহীন ভাৱে পদপথ নাইবা নৰ্দমাৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠান তথা নিৰ্মাণকাৰ্য উচ্ছেদ কৰা হয়। পৌৰ নিগম কৰ্তৃপক্ষই জনোৱা মতে এই অভিযান নিয়মীযাভাৱে অব্যাহত থাকিব।
অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান
