Fearless Press

বোকাৰ পাছত ভৰলু নিষ্কাশনৰ কেলেংকাৰী, পৌৰ কেলেংকাৰীৰ অন্ত নাই

গুৱাহাটী,৬ নবেম্বৰঃ গুৱাহাটী পৌৰ নিগমৰ ২০ কোটি টকীয়া বোকা আৱৰ্জনা কেলেংকাৰি গোচৰৰ তদন্তৰ মাজতে এইবাৰ ভৰলু নিষ্কাষণৰ নামত সংঘটিত আন এক কেলেংকাৰি পোহৰলৈ আহিছে। সোণোৱাল চৰকাৰৰ কাৰ্যকালত ভৰলুৰ বোকা নিষ্কাষণৰ নামত জিএমচিৰ আমোলা-বিষয়াই ৪০ লাখ টকা লুণ্ঠন চলোৱাৰ তথ্য বিভাগীয় হিচাপ পৰীক্ষণত উন্মোচন হৈছে। ভৰলুৰ বোকা নিষ্কাষণ কৰি গুৱাহাটীক বানমুক্ত কৰাৰ নামত ২০১৬-১৭ বৰ্ষ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত ৪০ লাখ টকা উলিয়াই নিয়া দুৰ্নীতিৰ অভিযোগত ইতিমধ্যে জিএমচিৰ কাৰ্যবাহী অভিযন্তা মনজিৎ বুজৰবৰুৱাক নিলম্বন কৰা হৈছে। লক্ষণীয়ভাৱে মনজিৎ বুজৰবৰুৱাক নিলম্বন কৰিলেও কেলেংকাৰিৰ ৪০ লাখ টকা নিগমৰ পুঁজিৰ পৰা উলিয়াই দিয়া সেই সময়ত আমোলা-বিষয়াক ৰেহাই দিয়া বুলিও অভিযোগ উঠিছে। আনহাতে ২০ কোটিটকীয়া বোকা কেলেংকাৰি গোচৰত জিএমচিৰ অ’এছডি বাবুলাল শর্মাসহ ১১জন অভিযন্তা-বিষয়াক গ্ৰেপ্তাৰ কৰিলে যদিও ৪০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠা মনজিৎ বুজৰবৰুৱা এণ্ড কোম্পানীৰ বিৰুদ্ধে পৌৰ নিগমে কিয় গোচৰ ৰুজু কৰা নাই তাক লৈও প্রশ্ন উত্থাপন হৈছে। ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱাৰ বাবেই ৪০ লাখটকীয়া কেলেংকাৰিৰ অভিযুক্ত মনজিৎ বুজৰবৰুৱাক ৰেহাই দিছে বুলিও জিএমচিৰ ভিতৰচ’ৰাত এতিয়া চৰ্চা লাভ কৰিছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে জিএমচিৰ পুঁজি ব্যয়ৰ সন্দৰ্ভত শেহতীয়াকৈ বিভাগীয় হিচাপ পৰীক্ষণত ৪০ লাখ টকাৰ বিত্তীয় খেলি-মেলিৰ তথ্য উন্মোচন হৈছিল। ইয়াৰ পাছতেই জিএমচিৰ আয়ুক্তই নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক সমগ্ৰ অনিয়মৰ তদন্তৰ নিৰ্দেশ দিছিল। শেহতীয়াকৈ পংকজ চক্ৰৱৰ্তীয়ে অভিযন্তা মনজিৎ বুজৰবৰুৱাক অভিযুক্ত কৰি দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতে জিএমচিৰ আয়ুক্ত মেঘানিধি দাহালে মনজিৎ বুজৰবৰুৱাক নিলম্বন কৰে। অথচ ভৰলু নিষ্কাষণৰ নামত ৪০ লাখ টকাৰ কেলেংকাৰিত জড়িত আন বিষয়া-আমোলাৰ বিৰুদ্ধে কোনো ব্যৱস্থা তথা তদন্তৰ বাবে কোনো এজাহাৰো দাখিল নকৰিলে জিএমচি কৰ্তৃপক্ষই। স্বাভাৱিকতেই পৌৰ নিগমৰ দুৰ্নীতিবিৰোধী স্থিতিক লৈয়ো এতিয়া সন্দেহৰ সৃষ্টি হৈছে।

Exit mobile version