Fearless Press

পেঙেৰী দুই নং টকৌপথাৰত গোৰ্খা সম্প্ৰদায়ৰ দেউচি ভেইলী উৎসৱ উদযাপন

মাৰ্ঘেৰিটা, ৭অক্টোবৰঃতিনিচুকীয়া জিলাৰ পেঙেৰী ২ নং টকৌ পথাৰত আজি উলহমালহেৰে গোৰ্খা সম্প্ৰদায়ৰ এক অন্যতম উৎসৱ দেউচি- ভেইলী উলহমালহৰে উৎৰ্যাপন কৰা হয়। ২নং টকৌপথাৰ গাওঁবাসীয়ে পালন কৰি অহা দেউচি- ভেইলী উৎসৱ ভাগীয়ে এইবাৰ সোনালী বৰ্ষত ভৰি দিয়াত গাওঁবাসীয়ে দিনযোৰা কাৰ্যসূচীয়ে অতি উলহমালহৰে উৎৰ্যাপন কৰে।বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে নৃত্য-গীত উপস্থিত সকলোকে আমোদ প্ৰদান কৰে।অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনা বাহিনীৰ পেঙেৰী সেনা ছাউনীৰ মেজৰ কুমাৰ গৌৰৱ।উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে টংক বাহাদুৰ নেৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। দেউচি- ভেইলী উৎসৱ স্থলীত স্থানীয় পুৰুষ-মহিলা অংশ গ্ৰহণে লোকে লোকাৰণ্য হৈ পৰে।

Exit mobile version