Fearless Press

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনঃ বেলট বাকচত বন্দী ৭১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

নিউজ ডেক্স,৮ নবেম্বৰঃ অন্ত পৰিল ডেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। বেলট বাকচত বন্দী হ’ল প্ৰাৰ্থীৰ ভাগ্য। আজি প্ৰায় শান্তিপুৰ্ণ ভাৱে অনুষ্টিত হ’ল ডেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ৪ বজাত সামৰণি পৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া। ২২ টাকৈ সমষ্টিৰ ৯৩ টা কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া হয়। ৪৩,৫৯৩ জন ভোটাৰে সাব্যস্ত কৰিলে ভোটদান। তাৰে ভিতৰত ২১,৪১২ জন পুৰুষ আৰু ২২,১৮৩ গৰাকী মহিলা ভোটাৰ। বেলট বাকচত বন্দী হ’ল ৭১ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য। উজনি অসমৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, মাজুলি, শিৱসাগৰ জিলাত অনুষ্ঠিত হয় এই ভোটগ্ৰহণ। নিৰ্বাচনীৰ যুঁজত নামিছে বিজেপিৰ ১৮ গৰাকী, কংগ্ৰেছৰ ১৪, অগপৰ ৮, আম আদমী পাৰ্টিৰ ৭ আৰু ৰাইজৰ দলৰ ২ গৰাকী আৰু অসম জাতীয় দলৰ ১ গৰাকীৰ লগতে নিৰ্দলীয় দলৰ ২৯ গৰাকী প্ৰাৰ্থী। উল্লেখ যে ভোটগ্ৰহণৰ সময়তে ভোটাৰক ধন বিতৰণ কৰি ৰাইজৰ ৰোষতো পৰিল বিধায়ক অমিয় কুমাৰ ভুঞা। ভোটাৰক ৫০০ টকাকৈ বিতৰণ কৰি থাকোতেই একাংশ লোকে হুলস্থুল কৰাত পলাই পত্ৰং দিয়ে বিধায়ক গৰাকীয়ে। ইয়াৰ লগতে নাৰায়নপুৰতো ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনাৰ সৃষ্টি হয়। ১০ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ৮৩ শতাংশতকৈ অধিক ভোটগ্ৰহণ হৈছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত।

Exit mobile version