শিৱসাগৰ,৯ নবেম্বৰঃ অসমত গ্ৰামাঞ্চলত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যাৰ। নিবনুৱা সমস্যা বৰ্তমান ৰাজ্য চৰকাৰখনৰ বাবে এক মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে। দেশত দেখা দিয়া আৰ্থিক মন্দাৱস্থাৰ বাবে দেশত বিকাশৰ হাৰ নিম্নগামী হোৱাৰ ফলত লাখ লাখ কৰ্মচাৰীয়ে কৰ্মসংস্থাপন হেৰুৱা লগতে ভৱিষ্যত নিৰাপত্তাত প্ৰতি ভাবুকি আনিছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলা পূৱ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত পাশ্বৱৰ্তী গাঁৱসমূহত কৰ্মসংস্থাপনৰ অভাৱত নিবনুৱা সমস্যা ভয়াৱহৰূপে গাঢ় কৰি উঠিছে। উক্ত গাঁৱসমূহত প্ৰতিঘৰতে দুই এটা লৰা-ছোৱালী কৰ্মসংস্থাপনৰ অভাৱত ঘৰতে দুৰ্বিসহ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। বৃহত্তৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত দিচাংমুখ, পাণবেচা, বানমুখ, আখৈফুটীয়া, বাঢ়ৈটিং, কপৌটি, চাউলকৰা, মথাদাং,ডিমৌমুখ,দীঘল দৰিয়লী,লেপাই গাঁও, চুমনি, মাজৰবাৰী, অফলা আদি গাঁৱসমূহত শিক্ষিত-অশিক্ষিত নিবনুৱা সমস্যা ইমানে বৃদ্ধি পাবলৈ ধৰিছে যে কিছুমানে নিবনুৱাই ঘৰত আৰ্থিক অনাটনৰ বাবে ৰোগীয়া পিতৃ-মাতৃক এৰি কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলিছে বহিঃৰাজ্যলৈ।চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ বাবে দক্ষতা বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও সেইবোৰ আঁচনি উক্ত গাঁৱসমূহত লৰা-ছোৱালীবোৰে কোনো সুবিধা নোপোৱাত কাৰ্যক্ষেত্ৰত ফুটুকা ফেনত পৰিণত হৈছে। তদুপৰি চৰকাৰে পঞ্চায়তসমূহলৈ নিবনুৱা সমস্যা সমাধানৰ বাবে কৃষি কৰ্মত নিয়োজিত আঁচনি, দুগ্ধ উদ্যোগ, মৎস্যে পালন,পশুপালন আদি বিভিন্ন অভিলাষী আঁচনি জৰিয়তে যুৱক-যুৱতী আত্মনিৰ্ভৰশীল হোৱাকৈ কোটি কোটি টকা আৱণ্টন দিছে যদিও সেইবোৰ টকা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ জেপত সোমোৱাত নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাইছে। চৰকাৰে স্থানীয় সমস্যাবোৰ চকু দিবৰ নোৱাৰা কাৰণে পঞ্চায়তীৰাজ ব্যৱস্থা কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত স্থানীয় সমস্যাবোৰ দিনক দিনে বৃদ্ধি পাইছে। কংগ্ৰেছ শাসনৰ কালত পঞ্চায়তসমূহত অবাধ লুণ্ঠন আৰু দুৰ্নীতিয়ে গ্ৰামাঞ্চলৰ বিকাশৰ উন্নয়নৰ গতি হ্ৰাস পোৱাৰ ফলত দৰিদ্ৰতা আৰু নিবনুৱা ভয়ংকৰ ৰূপ ধাৰন কৰিছিল।চৰকাৰী আঁচনিবোৰ জনপ্ৰতিনিধিসকলে লুণ্ঠন চলোৱাৰ ফলত দেশৰ আৰ্থিক ব্যৱস্থাটো কোঙা কৰি পেলাইছিল। কংগ্ৰেছৰ দুৰ্নীতি আৰু অপশাসনৰ পৰা মুক্ত হ’বৰ বাবে ৰাইজে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ নেতৃত্বত ৰাজ্যত মিত্ৰজোঁট চৰকাৰক শাসনৰ গাদীত বহুৱাইছিল।কংগ্ৰেছৰ শাসনকালতে নিবনুৱাক কৰ্মসংস্থাপনৰ বাট মোকোলাবৰ বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও বৃহত্তৰ কোঁৱৰপুৰ অঞ্চলত এই আঁচনিবোৰে ঢুকি পোৱা নাই।পঞ্চায়তসমূহলৈ নিবনুৱা সমস্যা সমাধানৰ বাবে মৎস্যে পালন, পশুপালন, কৃষিখণ্ডৰ বিভিন্ন আঁচনি,এনেৰেগা ইত্যাদি কোটি কোটি টকা বৰ্তমান আহি আছে যদিও নিবনুৱা অধিক ভয়াৱহ ৰূপে লৈছে। চৰকাৰী আঁচনিবোৰ বিজ্ঞানসন্মতভাৱে সঠিক প্ৰয়োগ নকৰাৰ কাৰণে হওঁক নতুবা আঁচনি নামত ব্যাপক দুৰ্নীতি আৰু লুণ্ঠনৰ বাবে পূৱ কোঁৱৰপুৰ মৌজাত নিবনুৱা দিনক দিনে বৃদ্ধি পাইছে। মোডী শাসনলৈ আহিলে এজনো নিবনুৱা নাথাকিব বুলি ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিল যদিও সেই প্ৰতিশ্ৰুতি অসাৰ হ’ল। বৃহত্তৰ কোঁৱৰপুৰ অঞ্চলৰ পাশ্বৱৰ্তী গাঁৱসমূহত বহু যুৱকে এতিয়া এটা চাকৰি বা সংস্থাপনৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। কৃষিকৰ্মত নিয়োজিত হ’ব পৰাকৈ বহুতৰে খেতি মাটি নাই।চৰকাৰী লোনৰ সুবিধা লাভ কৰিবলৈ নাই ম’ডগেজ হিচাপে বিঘাই বিঘাই মাটি। তদুপৰি উক্ত অঞ্চলসমূহৰ গাঁৱসমূহত শিক্ষিত নিবনুৱা সমস্যা ইমানে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে যে বিশ্ববিদ্যালয়ৰ যুৱক-যুৱতীয়ে শিক্ষিত নিবনুৱা তালিকাখন শুৱনি কৰিব লগা হৈছে। ইয়াৰ মূল কাৰণ হ’ল অসমৰ শিক্ষা ব্যৱস্থাত প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ অভাৱ। প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ অভাৱৰ বাবে অসমৰ শিক্ষা ব্যৱস্থাৰ চৰম দুৰ্বলতা তথা নেতিবাচক দিশ বুলিও অভিহিত কৰিব পাৰি।দুৰ্ভাগ্যজনকভাৱে তত্ত্বসৰ্বস্ব অসমৰ শিক্ষা ব্যৱস্থা ভাল ফল লাভ কৰিবলৈ এক প্ৰকাৰৰ যুদ্ধত অৱত্তীৰ্ণ হৈ সংগ্ৰাম কৰি থাকোতে ছাত্ৰ-ছাত্ৰীসকল বাস্তৱ পৃথিৱীখনৰ পৰা আঁতৰি থাকিবলৈ বাধ্য। বৃত্তিমুখী শিক্ষাৰ অভাৱৰ বাবে তথা স্ব নিয়োজনৰ পাঠ্যক্ৰমত গুৰুত্ব নিদিয়াৰ বাবে লাখ লাখ কৰ্মসংস্থাপহীন শিক্ষিত যুৱক-যুৱতী লাভ কৰো। চৰকাৰৰ ভূল নীতিৰ বাবে বিশেষকৈ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানবোৰ জৰিয়তে শৈক্ষিক ব্যৱস্থাটো বৃত্তিমুখী বাস্তৱ আৰু বিজ্ঞানসন্মত কৰি গঢ়ি তোলাৰ স্বাৰ্থত দেশৰ শিক্ষা নীতি সংস্কাৰৰ অৱহেলাৰ বাবে এই জ্বলন্ত সমস্যাটো গাঢ় কৰি উঠিছে। উল্লেখ্য যে নিবনুৱা সমস্যা সমাধান কৰিম বুলি দিছপুৰ মছনদ দখল কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ শাসনকালছোৱাত স্বচ্ছ আৰু নিকাৰ জৰিয়তে নিবনুৱা লোকক সংস্থাপন দিছে যদিও পূৰ্ব কংগ্ৰেছ চৰকাৰ আৰু পাঁচবছৰীয়া বিজেপি শাসনকালত লাখ লাখ নিবনুৱা বৃদ্ধি পোৱাত হিমন্তৰ বাবে প্ৰত্যাহ্বান আহি পৰিছে। তদুপৰি লক্ডাউনৰ ফলত তথা ভাইৰাছৰ সংহাৰী ৰূপত ত্ৰস্তমান হৈ বহু লোকে নিজৰ কাম কৰি ঘৰতে আবদ্ধ থাকি পুনৰ কৰ্মহীন হৈ পৰে। পুনৰ চৰকাৰখনে নিবনুৱালোকসকলক সংস্থাপনৰ বাবে চৰকাৰী পদৰ বাবে বিজ্ঞাপন দিয়াৰ লগতে বিভিন্ন আঁচনি সৃষ্টি কৰি নিবনুৱাসকলক আত্মনিয়োজন হৈ উঠিবৰ বাবে পদক্ষেপ লৈছে যদিও লাখ লাখ নিবনুৱাক সংস্থাপন কৰাটো দুৰূপ হৈ পৰিছে। দুটা বৰ্ষত নভেল কৰ’না ভাইৰাছত বিভীষিকা পৰিবেশত গ্ৰাম্য অৰ্থনীতি থান বান হৈ পৰিছিল। উল্লেখ্য যে বিগত বৰ্ষত অতিমাৰী ভাইৰাবিধৰ কবলত পৰি ৰাজ্যখনৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰাৰ লগতে সাধাৰণ নিঃস্ব ৰাইজৰ মাজত এক হাহাকাৰ পৰিবেশ বিৰাজ কৰিছিল। ভগ্ন অৰ্থনীতি বাবে ৰাজ্যখনত নিবনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰন কৰিছিল। কৰ’না বিভীষিকাময় পৰিবেশ শাম কটাৰ পিছতে চৰকাৰে ভগ্ন অৰ্থনীতি পুনৰ উদ্ধাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তো নিবনুৱা সমস্যা সমাধানৰ কৰিব পৰা নাই। যাৰ ফলত শিৱসাগৰ জিলাতো নিবনুৱা সমস্যা দ্ৰুত গতিত বঢ়াৰ আশাংকা দেখা দিছে। ইপিনে সাম্রাজ্যবাদী ইংৰাজসকলে যি সময়ৰে পৰা ইংলেণ্ডৰ মিলত তৈয়াৰী কাপোৰ আৰু অন্যান্য উদ্যোগজাত সামগ্রীৰ ব্যাপক ৰূপত প্রচলনৰ সূচনা কৰিলে, তেতিয়াই পৰা ভাৰতৰ লগতে অসমতো নিবনুৱা সমস্যাৰো সূত্রপাত হ’ল বুলিব পাৰি৷ একাংশ বিশেষজ্ঞৰ মতে কম্পিউটাৰ নামৰ যন্ত্রটোৰ আৱিষ্কাৰে বিভিন্ন ক্ষেত্রত ব্যক্তিৰ নিয়োগৰ সম্ভাৱনা দিনক দিনে সংকোচিত কৰি আনিবলৈ ধৰিলে৷ অতীজতে উদ্যোগসমূহত যথেষ্টলোকে কাম কৰিছিল ৷ কিন্তু বর্তমান সময়ত উদ্যোগবিলাকত ঘটা যান্ত্রিকীকৰণৰ ফলতো নিবনুৱা সমস্যা সমাধানত হেঙাৰ হৈ পৰিছে৷ প্ৰায় ৩ কোটিৰো অধিক জনবহুল ৰাজ্যখনত নিবনুৱা সমস্যাই ক্রমশঃ জটিল ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে সচেতন মহল৷ অৱশ্যে চীন বিশ্বৰ সর্বাধিক জনসংখ্যাবিশিষ্ট দেশ হিচাপে পৰিচিত হৈ ৰৈছে যদিও ২০২৭ চনত ভাৰতৰ জনসংখ্যাই চীনক অতিক্রম কৰিব বুলি সমীক্ষাতো প্রকাশ নোহোৱা নহয় ৷ আনহাতে চীনা চৰকাৰে বিভিন্ন কৌশল অথবা কূট–কৌশল অৱলম্বন কৰি সেই দেশৰ নিবনুৱা সমস্যা বহু পৰিমাণে নিয়ন্ত্রণত ৰাখিছে যদিও ভাৰতৰ লগতে অসমতো তেনে পদক্ষেপ আগবঢ়োৱাটো বিভিন্ন কাৰণত এইপর্যন্ত সম্ভৱ হৈ উঠা নাই ৷ বিশেষকৈ ক’ভিডৰ পৰিস্থিতিৰ বাবে নিবনুৱা সমস্যাই অসমৰ নিচিনা উন্নয়নশীল ৰাজ্যত অত্যন্ত কৰাল ৰূপ ধাৰণ কৰাৰ আশংকা জন্মিছে৷ বিশ্বজুৰি কৰোণা মহামাৰী বিয়পি পৰাৰ লগে লগে অসমতো সমান্তৰলাকৈ এই মহামাৰীয়ে নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে। কৰ্মহীন হৈ পৰিছে এচাম শিক্ষিত যুবক-যুবতী। কৰ্মৰ প্ৰভাবে বেয়াকৈ আৰ্থিকভাবে জুৰুলা কৰি আহিছে এই শিক্ষিত নিবনুৱাৰ পৰিয়াল সকলক। যিসকল আমাৰ অসমীয়া বহি ৰাজ্যত থাকি অৰ্থৰ অভাবত ঘৰমুৱা হ’বলগীয়া হৈছে তেওঁলোকক চৰকাৰৰ আঁচনিৰ জৰিয়তে বিভিন্ন কামত নিয়োজিত কৰি নিবনুৱাৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে। অসমৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা সদাই অতি গুৰুত্বপূৰ্ণ নিকা ভাৱমূৰ্তি সম্পন্ন কৰ্ম পৰিকল্পনা হোৱাৰ লগতে হাতত লৈ কৰ্ম বিপ্লৱৰ সূচনা কৰিলে নিবনুৱা সমস্যা দূৰ হ’ব পাৰে বুলি সচেতন মহলৰ মন্তব্য। দেশৰ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ মূল কাৰণ যদিও অসমৰ নিবনুৱা সমস্যাৰ কাৰণে ইয়েই প্ৰধান কাৰণ বুলি ক’ব নোৱাৰি৷ আমাৰ ৰাজ্যখনত বহুতো আন কাৰণৰ বাবেও নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷ এই ক্ষেত্ৰত চৰকাৰৰ সুস্থ, বাস্তৱ সন্মত পৰিকল্পনা আৰু ব্যৱহাৰিক দিশত ইয়াৰ প্ৰয়োগ মূল কাৰণ বুলি আমি অনুভৱ কৰো৷ আন এটা কাৰণ হৈছে অসমৰ ক্ৰটিপূৰ্ণ শিক্ষানীতি, যি শিক্ষানীতিৰ বাবে শিক্ষিত, অৰ্দ্ধশিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখী কৰি তুলাৰ ফলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ থলুৱা শিল্পৰ প্ৰতি গুৰুত্বহীনতাৰ বাবেও অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। বিভিন্ন কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা মাল অসমত পৰ্যাপ্ত, কিন্তু এই শিল্পৰ কামসমূহ বহু ক্ষেত্ৰত বাহিৰৰ পৰা অহা মানুহেও কৰে৷ অসমত উৎপন্ন হোৱা খাৰুৱা তেল শোধন কৰাৰ জোখাৰে তেল-শোধানাগাৰ নোহোৱা বাবে বাহিৰলৈ লৈ যাব লগা হয়। সংৰক্ষণৰ অভাৱত ইয়াৰ অধিকাংশ প্ৰাকৃতিক গেছ পুৰি পেলোৱাৰ বিপৰীতে ইয়াৰ সহায়ত উদ্যোগ চলোৱাৰ ব্যৱস্থা আজিও হৈ উঠা নাই। ইয়াৰোপৰি অসমৰ উদ্যোগসমূহত বহু ক্ষেত্ৰত অসমীয়া যোগ্য লোক থকাৰ পিছতো কৰ্ম সংস্থাপন নাপায়। বহু শিক্ষানুষ্ঠান, কাৰ্যালয়ত পদ খালী থকাৰ পিছতো সংস্থাপন দিয়া দেখা নাযায়। ইয়েও নিবনুৱা সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ অসমত চৰকাৰে উদ্যোগীকৰণৰ পৰিবেশৰ সৃষ্টি কৰিব নোৱাৰা, অসমীয়া মানুহৰ উদ্যোগীক মানসিকতাৰ প্ৰতি উদাসীন, কৃষিখণ্ডত ব্যাপক সুবিধা থকা স্বত্তেও বিভিন্ন আঁচনিত হোৱা কেলেংকাৰী, মৎস উৎপাদনৰ আচঁনিত দুৰ্ণীতি, কণী, পাচলি আদিৰ বজাৰত চিণ্ডিকেট আদিৰ লগতে চৰকাৰী সু-পৰিকল্পনা আৰু ইয়াৰ সু-প্ৰয়োগৰ অভাৱ আদি দুৰ কৰিলে ৰাজ্যখনৰ নিবনুৱা সমস্যা বহু পৰিমাণে দুৰ হ’ব৷ শেষত এটাই কথা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছো যদিহে চৰকাৰে নিবনুৱা সমস্যা সমাধান বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া হলে আমি উঠি অহা প্ৰজন্মই একো কৰ্মতে লাজ নকৰি নিজে নিজে যি কোনো কাম কৰাৰ মানসেৰে দৃহ সংকল্প ল’ব লাগিব আৰু এক কৰ্ম বিপ্লৱৰ সূচনা কৰি নিজেই আমাৰ কৰ্ম জৰিয়তে এই নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিব লাগিব।
নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত
