ধুবুৰী,১২ নৱেম্বৰঃ ধুবুৰী বিধানসভা সমষ্টিৰ ধৰ্মশালাত আজি আয়োজিত এখন জনসভাৰে একপ্ৰকাৰে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে। দলটোৰ ২৩নং ধুবুৰী সমষ্টি কমিটিৰ উদ্যোগত আয়োজিত সেই জনসভাখনত আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে তিনিখনকৈ লোকসভা সমষ্টিত বিজয়ী হোৱাৰ সমান্তৰালকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনতো দলটোৱে ভাল ফলাফল লাভ কৰিব বুলি নিজৰ ভাষনত দাবী কৰে আজমলে। জনসভাখনৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয় যে কংগ্ৰেছ মুৰ্দা দল, এতিয়া জীয়াই নাই। কংগ্ৰেছৰ যুগ গ’ল। আনহাতে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে আমি আহ্বান জনাই আছোঁ, জনাই থাকিম। অন্তিম দিনলৈ আমি আহ্বান জনাম। যদি তেওঁলোকে মিত্ৰতা নকৰে, তেতিয়া দেশৰ ৰাইজে সিদ্ধান্ত ল’ব কাক ভোট দিব লাগে। কাৰ কাৰণে বিজেপি ইয়াত থাকিল বুলি তেওঁ প্ৰশ্ন কৰে। তেওঁ লগতে কয় যে কংগ্ৰেছ নেতৃত্বৰে আলোচনা কৰিলে মিত্ৰতা হোৱাৰ এশ শতাংশ সম্ভাৱনা আছে। উল্লেখ্য যে আজিৰ জনসভাত বিধায়ক হাফিজ বছীৰ আহমেদ কাছিমী, বিধায়ক ছামছুল হুদা, বিধায়ক হাজী আমিনুল ইছলাম, বিধায়ক কৰিমুদ্দিন বৰাভূঞা, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, বিধায়ক হাফিজ ৰফিকুল ইছলাম, বিধায়ক মজিবৰ ৰহমান, বিধায়ক নিজানুৰ ৰহমান, বিধায়ক নজৰুল হককে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল।
ধুবুৰীত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বদৰুদ্দিন আজমলৰ
