Fearless Press

দেশত ভয়ৰ পৰিবেশ, সংসদত মাত মাতিবলৈ দিয়া নহয়: ৰাহুল গান্ধী

নিউজ ডেক্সঃকংগ্ৰেছৰ ‘ভাৰত জোডো যাত্ৰা’ সম্প্ৰতি মহাৰাষ্ট্ৰৰ মাজেৰে পাৰ হৈ আছে। তাৰ মাজতে সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডী চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে। ৰাহুল গান্ধীয়ে কয় যে ভাৰতত বিগত ৮ বছৰে ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে,লগতে ঘৃণা আৰু হিংসা বিয়পি পৰিছে। ৰাহুলে লগতে কয় বিজেপিৰ নেতাসকলে ভাৰতৰ কৃষক আৰু যুৱক-যুৱতীসকলৰ সৈতে কথা নাপাতে। পতাহেতেন তেওঁলোকে গম পালেহেঁতেন যে ভাৰতৰ কৃষক আৰু যুৱক-যুৱতীসকলে আগুৱাই যোৱাৰ বাট পোৱা নাই। নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি বৃদ্ধি হোৱা বাবে কৃষকসকলে পোৱা নাই উচিত প্ৰাপ্য । গতিকে তেনে পৰিবেশৰ বিপৰীতে আমি ভাৰত জোডো যাত্ৰা আৰম্ভ কৰিছো।গান্ধীয়ে লগতে কয়, বিজেপিয়ে সকলো সাংবিধানিক প্ৰতিষ্ঠান দখল কৰিছে। আনকি বিজেপিয়ে সংবাদ মাধ্যমকো নিয়ন্ত্ৰণত ৰাখিছে। সংসদত আমাক কথা ক’বলৈ দিয়া হোৱা নাই। আমাৰ ৰাস্তা বাকী নাই, সেইবাবেই আমি ভাৰত জোডো যাত্ৰা আৰম্ভ কৰিলোঁ।উল্লেখ্য যেসৰাহুল গান্ধীয়ে দলৰ ‘ভাৰত জোডো যাত্ৰা’ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰি আছে । এই যাত্ৰাৰ জৰিয়তে ৰাহুল গান্ধীয়ে লোকসভাৰ ৩৮০খন আসন সামৰিবলৈ চেষ্টা কৰিছে। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা এতিয়া তেলেংগানাৰ কৰ্ণাটক হৈ মহাৰাষ্ট্ৰত উপস্থিত হৈছে। ২০ নৱেম্বৰত এই যাত্ৰা মধ্যপ্ৰদেশত প্ৰৱেশ কৰিব।

Exit mobile version