Fearless Press

জামুগুৰিহাটৰ হাটিঙা বিজয়পথাৰ সাৰ্বজনীন ৰাস মহোৎসৱ পৰিনত হ’ল সমন্বয়ৰ তীৰ্থ ভূমিলৈ

জামুগুৰিহাট, ১৮নবেম্বৰঃ শোণিতপুৰ জিলাৰ নামঘৰনগৰী জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ হাটিঙা বিজয়পথাৰৰ ৪৯ তম সাৰ্ব্বজনীন ৰাস মহোৎসৱ যোৱা নিশা সামৰনি পৰে । এই ৰাস মহোৎসৱৰ মহাৰাসৰ শুভ উদ্বোধন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল হাটিঙা বিজয়পথাৰৰ এই সাৰ্বজনীন ৰাস মহোৎসৱৰ মহাৰাসত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা গ’ল । এই ৰাস মহোৎসৱৰ বৈশিষ্ট্য হ’ল যে – বিভিন্ন চৰিত্ৰত অসমীয়া, গোৰ্খা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ দ্বাৰা অভিনয় প্ৰদৰ্শন কৰাটো । উক্ত ৰাস মহোৎসৱৰ মহাৰাসত ৰাধাৰ ভাৱত অভিনয় কৰি অসমীয়া ছৱি জগতৰ মোহময়ী অভিনেত্ৰী বাবলি বৰাই হেজাৰ হেজাৰ ৰাইজৰ মন জয় কৰে৷ আভিনেত্ৰী গৰাকীয়ে কয় যে – যোৱা ২৮ অক্টোবৰত শুভ মুক্তি লাভ কৰা ছৱি “লংকা কাণ্ড” ক এতিয়া অসমৰ ৰাইজে আকোঁৱালি লৈছে । লংকা কাণ্ডৰ ছৱিখনত অসমৰ জলন্ত সমস্যাৰ লগতে জাতি মাটি ভেটিৰ ৰক্ষাৰ হকে বিশিষ্ট পৰিচালক ৰজনী বৰ্মনে লিখা জনপ্ৰিয় অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ লগতে বহু ন-পুৰণি ডেৰ কুৰি শিল্পীয়ে অভিনয় প্ৰদৰ্শনৰে অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে । অভিনেত্ৰীগৰাকীয়ে হাটিঙাবাসী ৰাইজৰ লগতে সমুহ ৰাস মহোৎসৱৰ উদযাপন কমিটিকো অশেষ ধন্যৱাদ জ্ঞাপন কৰে ।

Exit mobile version