ৰঙিয়া,২২ নৱেম্বৰ: চৰকাৰী গৃহ আবন্তনৰ নামত ৰঙিয়া মৰাণজানা পঞ্চায়তত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তৰ একাংশ বঞ্চিত হিতাধিকাৰীয়ে অভিযোগ কৰা মতে পঞ্চায়তটোত পকীঘৰ থকা বহু পৰিয়ালৰ সদস্যৰ নাম চৰকাৰী গৃহ লাভ কৰা তালিকাত অন্তভুক্ত হৈছে । ইয়াৰ বিপৰীতে পঞ্চায়তটোৰ অধীনৰ পকীঘৰ নথকা বহু দুখীয়া শ্ৰেণীৰ পৰিয়াল তালিকাৰ পৰা বাদ পৰিছে। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে দুখীয়া শ্ৰেণীৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ পৰা বিভাগীয় ভাবে বায়টেক সংগ্ৰহ কৰাৰ পিছত একাংশ পঞ্চায়ত প্ৰতিনিধিৰ সৈতে ৰঙিয়া খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়াই মিলি প্ৰকৃত হিতাধিকাৰীৰ নাম বাদ দি পকিঘৰ থকা পৰিয়ালৰ নাম তালিকাত অন্তভুক্ত কৰিছে । প্ৰকৃত হিতাধিকাৰী সকল বাৰে বাৰে আবেদন কৰাৰ পিছটো এনেদৰে গোপন বুজাবুজিৰ বাবে বঞ্চিত হ’ব লগা হৈছে । এনে অভিযোগৰ পিছতে সমগ্র বিষয়টো গুৰুত্ব সহকাৰে লৈ পঞ্চায়তটোৰ গৃহ আৱণ্টনৰ প্ৰকাশিত তালিকাখন পুনৰীক্ষণ কৰাৰ বাবে দাবী জনাইছে বঞ্চিত হিতাধিকাৰীসকলে । ইয়াৰ পিছটো যদি ৰঙিয়া খণ্ড উন্নয়ণ বিষয়াৰ তৰফৰ পৰা কোনো গুৰুত্ব নিদিয়ে
তেতিয়া হলে মৰাণজানা পঞ্চায়তত সংঘটিত হৈ থকা ঘৰ আৱণ্টনৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত কামৰূপ উপায়ুক্তক লিখিত ভাবে অৱগত কৰিব বুলি জানিব দিছে বঞ্চিত অবেদনকাৰী সকলে।
ৰঙিয়া মৰাণজানা পঞ্চায়তত গৃহ আৱণ্টনৰ নামত কেলেংকাৰীৰ অভিযোগ
