Fearless Press

কামাখ্যা দৰ্শন কৰি উভতি গ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে

গুৱাহাটী,২৭ নৱেম্বৰঃ মা কামাখ্যাৰ আশীৰ্বাদ লৈ আজি মুম্বাইলৈ উভতি গ’ল সদল-বলে অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে। উল্লেখ যে শনিবাৰে এদিনৰ বাবে গুৱাহাটীলৈ উঠি আহিছিল মহাৰাষ্ট্ৰ চৰকাৰ। মুখ্যমন্ত্ৰী একনাথ সিন্দেকে ধৰি মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদসকলৰ উপৰি তেওঁলোকৰ পৰিয়াল শনিবাৰে উপস্থিত হৈছিল গুৱাহাটীত। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণমৰ্মে মা কামাখ্যা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে একনাথ সিন্দেৰ নেতৃত্বত অহা মহাৰাষ্ট্ৰৰ মন্ত্রী-বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকল আজি পুৱা মুম্বাইলৈ উভতি যায়। ৫০গৰাকীকৈ মন্ত্ৰী-বিধায়ক-সাংসদৰ লগতে তেওঁলোকৰ পৰিয়ালসহ মুঠ ১৭৬গৰাকী প্রতিনিধি শনিবাৰে দুপৰীয়া বিশেষ বিমান যোগে গুৱাহাটীলৈ আহিছিল। দুপৰীয়া ১.২০ বজাত বিশেষ বিমানযোগে তেওঁলোক বৰঝাৰত উপস্থিত হোৱাৰ লগে লগে অসম চৰকাৰৰ হৈ মন্ত্ৰী অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু বিমল বৰাই গামোচা পিন্ধাই উষ্ম আদৰণি জনাইছিল। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ মন্ত্ৰী-বিধায়কৰ দলটো বিমানবন্দৰৰ পৰা পোনে পোনে শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ পূজা-অৰ্চনা কৰে। কামাখ্যাত পূজা-অৰ্চনা কৰি দলটো গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত উপস্থিত হয়। নিশা হোটেলত কটাই আজি পুৱা উভতি যায়। উল্লেখ যে নিশা ভাগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰেডিছন ব্লুত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী, বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক সৌজন্যতামূলক সাক্ষাৎ কৰাৰ লগতে একেলগে নৈশ আহাৰো গ্ৰহণ কৰে। উল্লেখ্য যে যোৱা জুন মাহত একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰ চৰকাৰত বিসম্বাদ চলি থকাৰ সময়ত সিন্দেকে ধৰি শিৱসেনা আৰু নিৰ্দলীয়ৰ বহু কেইগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে হোটেল ৰেডিছন ব্লুত আশ্রয় লৈছিল। বহুকেইদিন হোটেল ৰেডিছন ব্লুত বাহৰ পাতি তেওঁলোকে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পৰিকল্পনা যুগুতাইছিল। আনকি ২৯ জুনৰ দিনা সিন্দেই মনোকামনা পূৰণৰ বাবে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছিল। মা কামাখ্যাৰ আশিস লৈ যোৱাৰ পাছতেই সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ গঠন হয়। চৰকাৰ গঠনৰ চাৰি মাহ পাছত সিন্দেই সদলবলে গুৱাহাটীলৈ আহি পুনৰ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে। ইফালে নৈশ ভোজৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী সিন্দেৰ সৈতে বিভিন্ন বিষয়ক লৈ এক বৈঠকত মিলিত হয়। উক্ত বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত মহাৰাষ্ট্ৰ ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ
পৰা মাটি বিচাৰে। আনহাতে অসম চৰকাৰৰ তৰফৰ পৰাও মুম্বাইত নতুন অসম ভৱন এটা নিৰ্মাণৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা মাটি বিচাৰে। এইক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্রীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী সিন্দেৰ নেতৃত্বত অহা দলটোৰ সৈতে আলোচনাত মিলিত হৈ নৈশ ভোজত অংশ গ্ৰহণ কৰে।

Exit mobile version